পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ঊষা-হৰণ।

পূজা গৃহ শিক্ষা গৃহ কহিতো নপাইলা।
অনন্তৰে উদ্যানক বিচাৰিয়া গৈলা॥১৪১
একো থানে ঊষাক যে নপাইলা খুজিয়া।
হা হা প্ৰাণপ্ৰিয়া বুলি পৰিলা ঢলিয়া॥
ঘনে ঘনে নিশ্বাস ত্যজয় কাম সুত।
ঊষাক সুমৰি কান্দে হুইয়া শােক যুত॥১৪২
শুনা সভাসদ ইতো কৃষ্ণৰ চৰিত্ৰ।
মুকুতি মিলয় পাপ হােৱয় দুৰিত।
হেন জানি কৰা সবে কৃষ্ণত ভকতি।
বােলা ৰাম ৰাম সবে পাইবাহা মুকুতি॥১৪৩

অনিৰুদ্ধৰ বিলাপ।
 
ছবি।
 

কান্দে কামদেৱ সুত   হইয়া অতি বিমূৰ্চ্চিত
  দীৰ্ঘ ৰাৱে প্ৰিয়া প্ৰিয়া বুলি।
হা হা মােৰ প্ৰাণেশ্বৰী   মােক একেশ্বৰ কৰি
  কোথা গৈলা প্ৰাণ যায় গলি॥