পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
ঊষা-হৰণ।

এহি বুলি নাৰায়ণ জগত আধাৰ।
উয়া সমে গৈলা কৰি গৃহ পবিহাৰ॥
ঊষা সঙ্গে নাৰায়ণ উঠিয়া ৰথত।
প্ৰবেশ কৰিলা গৈয়া নিৰ্জ্জন বনত॥১১৩
মায়া ৰথ এৰিলোক দেৱ লক্ষ্মীপতি।
কত দূৰ বনে বনে গৈ যদুপতি॥
চলিতে নপাৰে ঊষা শ্ৰমযুক্ত অতি।
উষা সমে বৃক্ষতলে বসিলা শ্ৰীপতি॥১১৪
তপত নিশ্বাস ঊষা কাঢ়ে বাৰে বাৰ।
হায় বিধি হেন দুঃখ লেখিলা আমাৰ॥
কিনাে অপৰাধ বিধি কৰিলো তোমাৰ।
সিকাৰণে ইটো শাস্তি কৰিলি আমাৰ॥১১৫
সুখ ভােগ ত্যজিলো যতেক মনোহৰ।
খাট পালঙ্গক ত্যজিলােহো দিব্য ঘৰ॥
অৰণ্য মাজত এবে বসতি আমাৰ।
কোন পাপ ফলে হেন দিলাঁহা নিকাৰ॥১১৬
এহি মতে মনে দুঃখ কৰন্ত কুমাৰী।
অনেক প্ৰবােধি তুষ্ট কৈলন্ত মুৰাৰি॥
তাত পাছে দুই জনে কৰিলা গমন।
আগে চলে ৰাধা হেন পিছে নাৰায়ণ॥১১৭