পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ঊষা-হৰণ।

আজি হন্তে আশা ছেদ ভৈলন্ত আমাৰ।
পূৰ্ব্বজন্ম কৰ্ম্মফলে বিচ্ছেদ তোমাৰ॥
হা হা বিধি কতনে কৰিলো ঘোৰ পাপ।
সিকাৰণে পাও এবে দাৰুণ সন্তাপ॥৮৮
বনবাসে যাইবাে প্ৰিয় হৰিৰ আদেশে।
অনুমতি দিয়া থাকা আপােন আবাসে॥
মায়া ধৰি ছল কৰে দেৱ নাৰায়ণ।
ঊষাৰ হৃদয় ছলি বােলন্ত বচন॥৮৯
হৰিৰ মায়াতে কোন জন হইৰে স্থিৰ।
শুনিয়া ঊষাৰ বুক যেন ভৈলা ছিড়॥
নয়ন কোমল ধাৰে চোতক বহয়।
ৰাহু ভয়ে চন্দ্ৰ যেন অমৃত সিঞ্চয়॥৯০
কান্দি কান্দি কন্যা ধৰি স্বামীৰ চৰণ।
গদ গদ কৰি কহে বিনয় বচন॥
শুনা শুনা প্ৰাণ-প্ৰভাে শ্বশুৰ তনয়।
দেৱাদিৰ দেৱ নাৰায়ণ কৃপাময়॥৯১
তান বীৰ্য্যে উতপতি শৰীৰ যাহাৰ।
ইতিনি ভুবন মােহে পঞ্চ বাণে যাৰ॥
তাহাৰ তনয় তুমি বীৰ চূড়ামণি।
তিলেকতে ত্ৰিভুবন জিনন্তা আপুনি॥৯২