পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ঊষা-হৰণ।

মিঠা পান মিঠা গুৱা কেহাে বা যােগায়।
আৰু কেহো কেহাে জনে চামৰ দোলায়॥
হেন মতে আছে ঊষা সখী সব সঙ্গে।
সম্মুখে গৈলন্ত কৃষ্ণ অতি মনােৰঙ্গে॥৭৮
গুণন্ত যে মনে মনে ভয় পৰিহৰি।
ঊষাৰ পাশক দৈলা অধোমুখ কৰি॥
বিবুদ্ধি বিমন মায়া অনিৰুদ্ধ বীৰ।
হৰিৰ মায়াত কোন জন হইবে স্থিৰ॥৭৯
মৌন হইয়া ৰহিলা ঊষাৰ পাশক গৈয়া।
চমকিত ভৈলা ৰাম স্বামীক দেখিয়া॥
উঠিয়া পালঙ্গ এড়ি ত্রৈলােক্য সুন্দৰী।
আগ বাঢ়ি আনিলেক স্বামীক সাদৰি॥৮০
নিজ স্বামী বুলি সতী জানি মনে মনে।
কৰ যোড়ে প্রণমি হৰিৰ চৰণে॥
চৰণে ধৰিয়া বোলে বিনয় বচনে।
কোৱা প্ৰভো অসন্তোষ মন কি কাৰণে॥৮১
কিবা মােৰ দোষ প্রভো দেখিলা আপুনি।
কিবা কোনে বুলিলেক কষ্টকৰ বাণী॥
শ্বশুৰ শাশুড়ী কিবা নিদিলে তােমাক।
কিবা বুলি অনাদৰ কৈলা তাসম্বাক॥৮২