এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া মহাভাৰত।
উদ্যোগপৰ্ব্ব।
শ্ৰীকৃষ্ণায় নমঃ
দুলড়ি।
নমো হৃষিকেশ, মুৰুতি সুবেশ;
সজল জলদ শাম।
পূৰ্ণ শশধৰ, হাসি মনোহৰ,
পীত বস্ত্ৰে অনুপাম॥
গলে বন মালা, সুবৰ্ণ মেখলা,
গৰুড় কন্ধত চৰি।
আজানু লম্বিত, ভূজ মনোনীত,
হাতে গদা পদ্ম ধৰি।১