পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
অসমীয়া মহাভাৰত।

এহি মতে বাৰম্বাৰ নিন্দি যত যত।
সেৱকৰ দোষ গুণ নধৰো মনত॥ ৯৩৮
কি কাৰণে নিন্দস কাহাত গহ পাই।
কৈবা কৰ্ণ দুঃশাসন কিবা আছা চাই॥
শ্মশান সদৃশ দেখিবাক অমঙ্গল।
ঝাণ্ট কৰি পাপিষ্ঠক দেশৰ নিকাল॥ ৯৩৯
প্ৰাণ লৈয়া যাউক দেখন্তোক সামৰাজ।
গলদঙ্গা দিয়া কৰ নগৰৰ বাজ॥
অধিক যে শান্তি আৰ ক্ষেমিলো আছোক।
এবে আক আসি আজি পাণ্ডবে ৰাখোক॥ ৯৪০
খেদ খেদ বুলি ক্ৰোধে কাম্পে দোৰ্য্যোধন।
শুনি কাছি উঠিলেক কৰ্ণ দুঃশাসন॥
বৈসম্পায়ন বদতি শুনিয়ো নৰপতি।
দোৰ্য্যোধনৰ গালি শুনি বিদুৰ সুমতি॥ ৯৪১
তিৰস্কাৰ শুনি আতি অসন্তোষ বৰ।
ধাৰাসাৰে লোটক বহয়ে নয়নৰ॥
আৰো বোলে ঢঙ্কাই কৰ নগৰ বাহিৰ।
শুনি বিদুৰৰ শোকে নসহে শৰীৰ॥ ৯৪২
দেখন্ত ঢঙ্কাইবে আসে কৰ্ণ দুঃশাসন।
ঘনে ঘনে ছান্ত জ্যেষ্ঠ ভ্ৰাতৃৰ বদন॥