পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
অসমীয়া মহাভাৰত

ভ্ৰাতৃ যাৰ ধনঞ্জয় বীৰ শিৰোমণি।
গদাধৰ ভীম বলী মধ্যে অগ্ৰগণি॥৭১৫
অনুকুল আছা আৰো ব্ৰাহ্মণ সকলে।
বেদ পঢ়ি নিতে আশংসন্ত যাৰ বলে॥
বাৰম্বাৰ ৰাজা তোত কহে নিষ্টকৰি।
পাণ্ডৱক যুজিলে অৱশ্যে যাইবি মৰি॥৭১৬
দ্ৰোণে বুলিলন্ত হেন যুগুতি বচন।
শুনি মৌনে ৰহিলেক ৰাজা দোৰ্য্যোধন॥
সভামাজে বসি ৰাজাগণে শুনি আছে।
ধৃতৰাষ্ট্ৰে সঞ্জয়ক মাতিলেক পাছে॥৭১৭
শুনিয়ো সঞ্জয় এবে আমাৰ বচন।
কৃষ্ণৰ পাচতে গৈলা ৰাধাসুত কৰ্ণ॥
কৰ্ণ যদি গৈলা আগ বঢ়াইবাক মনে।
শুনিলো ৰথত তুলি নিলে নাৰায়ণে॥৭১৮
কতোদুৰ কৰ্ণক নিলেক দেৱ হৰি।
কিবুলিলা কৃষ্ণে কহিয়োক ঝান্ট কৰি॥
কিবা মৃদু বুলিলেক বৰাইবাক মনে।
পাণ্ডৱৰ থানে তাক নিবাৰ কাৰণে॥৭১৯
কিবা তীক্ষ্ণ বুলি তাৰ তুলিলেক খঙ্গ।
অল্পতে কন্দল লগাই চাহিবন্ত ৰঙ্গ॥