পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
উদ্যোগ পৰ্ব্ব।

পৰৰ পুত্ৰত কিবা পৰে কৰে শোক।
পঞ্চ বংছৰতে ধেনু চৰাইলেক মোক॥৫৫৯
কতেক কহিবো মই যাতনা দোৰ্ঘোৰ।
গোপীগণে বেঢ়িয়া ধৰিলে দধি-চোৰ॥
তথাপি নেৰাইলো মই লৱৰি পলাই।
ধৰি আনি আমাক বান্ধিলা পাছে আই॥৫৬০
গৰু পঘা আনি দিলা গোৱালী সকলে।
উডুখলে বান্ধিলেক শৰীৰৰ বলে॥
মহা দুষ্ট সকল গোৱাল যত যত।
অপযশ দিলে নাৰী গণৰ লগত ॥ ৫৬১
আপোনাৰ নাৰীক আমাৰ লগে বোলে।
শুনিলেক পিতৃ মাতৃ গিয়াতি সকলে॥
কেহোজনে ভাল বোলে কেহো বোলে মন্দ।
কোনো কোনো গোৱালে আমাক কৰে দন্দ॥৫৬২
এহি কথা শুনিয়া পৰম লাজ ভৈলো।
পাছে ৰোষ কৰি মই মথুৰাক গৈলো॥
তথাপি দুৰ্জ্জন আতি মোৰ প্ৰাণ বৈৰী।
পিতৃ গৃহে গৈলো কংস মাতুলক মাৰি॥৫৬৩
তাসম্বাৰ আদৰত আছো এত কাল।
উগ্ৰসেন ৰাজাক পাতিলো মহীপাল॥