সমললৈ যাওক

পৃষ্ঠা:ইলা ভনীটিলৈ মুকলি চিঠি (প্ৰথম ছোৱা).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কথা সজ্ঞানত নাই অথচ সজ্ঞানৰ ওচৰতে এনে ঠাইত আছে যে যি কোনো সময়তে সজ্ঞানলৈ আহিব পাৰে তাকে আসজ্ঞান স্তৰত থকা বুলি কয়। যি বিলাক কথাৰ বিষয়ে আমি সজ্ঞান নহওঁ, আৰু যিবোৰ কথা সাধাৰণ অৱস্থাত আমাৰ সজ্ঞানলৈ নাহে তাক নিৰ্জ্ঞান স্তৰত থকা বোলে। সকলো মানসিক কাৰ্য্যই নিৰ্জ্ঞান স্তৰতে উৎপত্তি হয়। কিন্তু কিছুমান আসজ্ঞান স্তৰৰ বাহিৰ হব নোৱাৰে আৰু কিছুমান নিৰ্জ্ঞান স্তৰৰ বাহিৰত লুকাই থাকে।

 এতিয়া তোমাৰ প্ৰশ্নটো কাৰ্য্যকৰী কৰি তুলিবলৈ হলে বিয়াৰ আগতে ‘ডেকা-গাভৰুৰ’ যৌন তত্ত্বৰ জানিব লগীয়া বিষয়বিলাক বুজাই দিলে তোমালোকে অনেক যন্ত্ৰণাৰপৰা নিষ্কৃতি পাবা। এই যৌন-তত্ত্ব নজনাৰ ফলতে গৃহ-বিবাদ, অবৈধ সন্তান উৎপাদন (illegitimacy), ব্যভিচাৰ, বন্ধ্যা, (Sterility) প্ৰভৃতি সামাজিক বহু সমস্যাৰ আবিৰ্ভাৱ হৈছে। অধিকাংশ মানুহক সুখী কৰা, আৰু যুটীয়া পৰিয়াল স্থায়ী কৰা যৌন বিদ্যাৰ মুখ্য উদ্দেশ্য। অৱশ্যে এনে কথা কোৱাত তুমি চাগৈ মোক খুব হাঁহিছা— কথা বিলাক উপলুঙা কৰি তোমাৰ লগৰী সকলৰ লগত বেছ আমোদ কৰিছা। কিন্তু তুমি স্বীকাৰ কৰিবই লাগিব যে প্ৰতি ঘৰত ৩।৪টি সন্তান যথোপযুক্ত ব্যবধানত জন্মগ্ৰহণ কৰিলে সিহঁতক প্ৰতিপালন কৰিবৰ সুবিধা হয়। চিকিৎসক সকলৰো কৰ্ত্তব্য বিবাহিত আৰু বিবাহ-ইচ্ছুক প্ৰতিজনকেই কাম-বিদ্যাৰ আৱশ্যকীয়

মুকলি চিঠি ১ম খণ্ড