পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
আৰ্হি-চৰিত

মানুহ আছিল। তেখেত ঢকুৱাত উত্তৰ লক্ষীমপুৰৰ সকলো সম্প্ৰদায়ৰে উমৈহতীয়া ঘাই ধৰনী ভগাৰ নিচিনা হল—তেখে- তৰ বিয়োগ লক্ষীম্‌পুৰ জয় পৰিল! দেহ-ত্যাগৰ পাচত ৭।৮ ঘণ্টালৈকে ৺ বৰুৱা ডাঙ্গৰীয়াৰ পদুলিত, চোতালত, চ’ৰাঘৰত আৰু বুলনীঘৰত সকলো শ্ৰেণীৰ নগৰীয়া আৰু গাৱঁলীয়া মতা আৰু তিৰুতা মানুহৰ মাজে বিৰদি বাট পাবলৈ নোহোৱা হৈছিল। শৱ-সংস্কাৰৰ নিমিত্তে সমাধিলৈ নিওঁতে আঢ়ৈ- কুৰিমান গুণগ্ৰাহী আৰু ভক্ত-বৃন্দৰ ভিতৰত শৱশয্যা একান লৈ হেঁপাহ গুচাবলৈ কৰ্হা-আজোৰা লাগিছিল। পিচে, জন- চেৰেক মুখিয়াল লোকৰ দিহা মতে ৮ আঁঠজন জ্ঞাতিক প্ৰথমে কানত লবলৈ দি, তাৰ পাচত প্ৰত্যেক দহনলৰ অন্তৰে নতুন নতুন আঁঠজনে কানসলনি দিয়াৰ নিয়ম ধৰি শৱ সমাধলৈ নিয়া হৈছিল; যি শৱ-শষ্যা চুব নোৱাৰিছিল সি চিতাত লগাবলৈ এডোখৰ খৰি যোগান দিও মনক প্ৰবোধ দিছিল! বৰুৱা ডাঙ্গ ৰীয়া স্বৰ্গীহোৱাৰপৰা এমাহৰ ভিতৰতে তেখেতৰ স্বনাম প্ৰসিদ্ধ পুত্ৰ শ্ৰীমান পদ্মনাথ বৰুৱাদেৱে গঙ্গাত পিতৃ-অস্থি লগাই সেই তীৰ্থস্থানতে মৃতকৰ শ্ৰাদ্ধাদি ক্ৰিয়া সম্পাদন কৰি আহিল্‌গৈ।

অন্ত।