পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

৭। আধ্যা।

আৰ্জ্জন আৰু ভগন।

 ঘিণাৰাম বৰুৱা জয়ে জয়ে সংসাৰত সোমাওঁতে তেওৰ ধন সম্পত্তি একোৱেই নাই। ওপৰতে কৈ অহা হৈছে যে, তেওঁ কোৱঁৰৰ জীয়াৰী দুগৰাকী বিয়া কৰোৱাৰ পাচত, তেওৰ গুণৱতী শাহুয়েকৰপৰা ধন-সম্পত্তি আৰু মাটি-বাৰীৰ অংশ এটা লাভ কৰে, সেই অংশত তেওঁ নগদ একো পোৱা নাই, পাইছিল মাত্ৰ পুৰাচেৰেক ৰুপীত আৰু বস্তি মাটি, ১০।১২ জনী গাই আৰু দুহাল হালোৱা গৰু, ৬।৭ জনী মাইকী আৰু এহাল মত ম’হ। ইয়াত বাজে তেওঁৰ তিনি জন খুলশালিয়েকৰ তিনি অংশও তেওঁৱেই চলাব লগা হৈছিল। এই অলপীয়া সম্পত্তিৰ পৰাই বুদ্ধিমান ঘিণাৰামে দিনক দিনে তেওঁৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ ধৰিলে। এনে কি, মৌজাদাৰী বিষয় লোৱাৰ দহ বছৰৰ পাচত, তেওঁ এজন সম্পত্তিশালী লোকৰ লেখত উঠিল আৰু এই সময়ৰ ভিতৰতে তেওঁ বাৰীমাটি এৰিও ২৫ পুৰা ৰুপীত মাটি, ৪০ জনী গাই, ৮ হাল বলদ, ৫০ জনী মাইকী আৰু ৬ হাল মতা মহ, এহাল ঘোঁৰা, দুখন দোলা, তিনটা ভঁড়াল, ডেৰকুৰি ছাগলি এই বিলাক বাহিৰা সম্পত্তি আৰ্জ্জন