পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
আৰ্হি-চৰিত

ঘটাবলৈ ছিদ্ৰ বিচৰা মানুহৰ সংখ্যাও তাকৰ আছিল বুলিব নোৱাৰি। কিন্তু, ঘিণাৰাম বৰুৱাই নিজৰ দীৰ্ঘদৃষ্টিৰ গুণেৰে সেই শত্ৰুপক্ষৰ গতি-গোত্ৰ আগধৰি লক্ষ্য কৰি, নিলগৰ ঢৌ নিলগতে মাৰ নিয়াব পাৰিছিল। সেই বাবেই, কোনো সময়ত, তেওঁ শত্ৰুৰপৰাও সৰল প্ৰশংসা লাভ কৰিছিল।

 ঘিণাৰাম বৰুৱাৰ কুমলীয়া বয়সৰেপৰা তেওঁৰ কোমল অন্তৰত বিষয়া আৰু পাইকৰ সম্বন্ধ বিষয়ে যি এটি ভাব সদায় নুনুমুৱাকৈ আছিল, এই মৌজদাৰী বিষয় খোৱাৰ কালতে সেইভাব কাৰ্য্যত লগাব পৰা হল; তেওঁৰ জীৱনৰ মহৎ কামনা পূৰ হল। কিন্তু, সেই বুলি তেওঁ অলপো অহঙ্কাৰ কৰা নাই; বৰঞ্চ গুটি লগা গছৰ দৰে যিমানেই ঘিণাৰাম বৰুৱাৰ বিষয়ৰ প্ৰতিপত্তি বাঢ়ি আহিল, সিমানেই তেওঁ বেচি সাধু, বিনয়ী আৰু নম্ৰস্বভাৱী হৈ গল। তেওঁৰ ভিতৰুৱা আৰু ৰাজহুৱা জীৱনত কোনোৱে এদিন এফেৰি অহঙ্কাৰৰ চিন দেখা পোৱা নাই। ঘিণাৰাম বৰুৱাৰ নিচিনাকৈ অত্যন্ত কষ্টৰ জীৱনৰপৰা আত্মচেষ্টাত বৰ সুখৰ জীৱনলৈ উঠিও এনে নিৰহঙ্কাৰী হোৱা মানুহ পাবলৈ অতি বিৰল।

 বিচাৰকৰ কাৰ্য্যতো ঘিণাৰাম বৰুৱা মৌজাদাৰে উত্তৰ লক্ষীম্‌পুৰ অকলশৰীৰ মাজিষ্ট্ৰেটক যে কম সহায় কৰিছিল, এনে নহয়। সামাজিক কথাৰে সৈতে সম্বন্ধ থকা বিষয়, আৰু মাটি-বাৰী কিম্বা আন ঘৰুৱা কন্দলৰ গোচৰ প্ৰায় সকলে বিলাকৰ সোধ ঘিণাৰাম বৰুৱাৰ মৌজাদাৰী চৰাত হৈছিল।