পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
আৰ্হি-চৰিত

কৰ! বিষয়বিলাক তেওঁক ভাঙ্গি-পাতি বুজাবলৈ এজন ইংৰাজী আৰু অসমীয়া জনা মানুহৰ উপস্থিতিৰ আৱশ্যক হৈছিল। কিন্তু, পাচালৈ এই অসুবিধা গুচাবৰ নিমিত্তে আলোচ্য বিষয়বিলাক ভালকৈ ভাঙ্গি-পাতি অসমীয়াকৈ জাননী দিয়াৰ নিয়ম চলিবলৈ ধৰিলে। বিষয়া জীৱনৰ শেহ ছোৱাত এনে বিলাক বিষয়ত তেওঁৰ অভিজ্ঞতা আৰু অধিকাৰলৈ চাই মিঃ কোহান চাহাবে এসময়ত এনে ভাবৰ মন্তব্য প্ৰকাশ কৰিছিল “ঘিণাৰাম বৰুৱা লক্ষীম্‌পুৰত এজন পুৰণি সাঁচৰ মানুহ। কিন্তু, আজিকলীয়া শাসনবিষয়ক কথাত তেওঁৰ বুদ্ধি আৰু বিচাৰ-শক্তিৰ প্ৰখৰতা দেখি আচৰিত মানিব লগা হয়।”

 ঘিণাৰাম বৰুৱাৰ মৌজাত ভালেমান চাহ বাগিছা পৰিছিল। গতিকে কব লাগিব যে তেওঁৰ জনচেৰেক ইংৰাজ ৰায়তো আছিল। এই সকলৰ লগত তেওঁৰ বৰ সদ্ভাৱ আছিল। প্ৰায় সকলোবিলাক বাগিছাৰ মেনেজাৰ চাহাব সকলে ঘিণাৰাম বৰুৱাক মিত্ৰভাৱে ব্যৱহাৰ কৰিছিল। মিঃ স্মিথ, মিঃ জন ষ্টুৱাৰ্ট, মিঃ ৰীড, মিঃ ক্ৰৌ, মিঃ গ্ৰাণ্ট্‌, মিঃ গ্ৰেঃ, ডাক্তৰ ক্ৰেন এই সকল চাহাবৰে ঘিণাৰাম বৰুৱাৰ বৰ প্ৰণয় আৰু মিত্ৰতা আছিল। ইবিলাকৰ সৰহভাগে তেওঁলৈ সেই মিত্ৰতাৰ নিদৰ্শন স্বৰূপ বন্দুক, তৰোৱাল, হাতীবন্ধা শিকলি, বিলাতী জোতা, ঘোৰাৰ জিন প্ৰভৃতি উপহাৰ পঠিয়াইছিল। আৰু কোনো কোনো জনে খাজানা শোধাবৰ সময়ত হাজাৰ হাজাৰ্‌কৈ বিনা সূদে টকা ধাৰলৈ দি তেওঁক সততে সহায় কৰিছিল।