পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত।

স্বণাম-প্ৰসিদ্ধ পুত্ৰ সেই দলৰ আৰু গোটেই আহোম সম্প্ৰদায়ৰ সৰ্ব্ববাদী নেতা। আহোমৰ প্ৰথম এণ্ট্ৰেঞ্চ, পাচ কৰোঁতা, প্ৰথম এফ-এ পাচ কৰোঁতা, প্ৰথম বি-এ পাচ কৰোঁতা কেইও- জন তেওঁৰে জোৱাঁই; আহোমৰ প্ৰথম এম-এ তেওঁৰে নাতি। তদুপৰি, তেওঁৰে জোৱাঁই, নাতি, নাতি-জোৱাঁই এই সকলৰেই আহোমৰ সৰহ ভাগ ‘গ্ৰেজুয়েট’। আসামৰ প্ৰধান গ্ৰন্থকৰ্ত্তা, প্ৰথম কাউন্সিলৰ অনাৰেব্‌ল মেম্বৰ, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনভোগী তেওঁৰে পুত্ৰ। মূলত সদগুণৰ সাৰ নথকা হলে এজুপি গছৰ শাখা-প্ৰশাখাত ইমানবিলাক সুফল ফলিবৰ সম্ভা- ৱনা নাছিল। আৰু অকালত সংসাৰ-ধুমুহাই উভালি পেলোৱা মনোহৰ কলপুলিটি নিলগত ঠন ধৰি উঠি, ভালেমান পুলি- পোখাৰে সৈতে ইমান ডাঙ্গৰ এজোপা হৈ জিলিকিব বুলি কোনে ভাবিছিল!


৬। আধ্যা।

বিষয়া—জীৱন।

 “সৰুটি হৈ সৰকিব লাগে” এইটি ঘিণাৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল। সৰুৰেপৰা সদায় সকলোৰে ওচৰত সৰুটি হৈ ফুৰা তেওঁৰ স্বভাৱ আছিল। সেই গুণতে তেওঁ নিকুটুমীয়া সং- সাৰত সুখে-সম্পদে তৰিব পাৰিছিল। ডেকা বয়সতো সেই