পৃষ্ঠা:আৰ্হি-চৰিত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৵৹

জানে। তাৰ পূৰ্ব্বৰ প্ৰায় ঘটনা বিলাক লেখকে নিজ মাতৃ (যাক এই গ্ৰন্থত “আইতা” বুলি উল্লেখ কৰা হৈছে) পৰা শুনা কথা আৰু কিছু কথা বিশ্বস্ত সূত্ৰে বিশ্বস্ত বন্ধুৰ পৰা শুনা; প্ৰায় বিলাক কথা লেখকে নিজে জনা। কিয়নো লেখক গবৰ্ণমেণ্টৰ কাৰ্য্যৰ উপলক্ষে ১০।১২ বছৰ লক্ষীমপুৰত আছিল বা তালৈ অহা-যোৱা কৰিছিল; তদুপৰি লেখকৰ কেচুঁৱা কাল তাতেই কাটিছিল। আৰু লেখকে যেতিয়া যি ঠাইত আছিল তাতেই ৺ঘিণাৰাম বৰুৱাৰে নাইবা তেঁওৰ পুত্ৰ, কন্যা, জোৱাঁই প্ৰভৃতি আপোন মানুহেৰে সততে দেখা-সাক্ষাৎ কৰি আছিল। বিশেষকৈ, ঘিণাৰাম বৰুৱা নিজৰ সচ্চৰিত্ৰৰ গুণে লেখকৰ মাতৃ প্ৰভৃতি আন আন সদ্বংশজাত লোকৰ ইমান প্ৰিয়পাত্ৰ হৈছিল যে লেখকৰ মাতৃয়ে এওঁক তেওঁবিলাকৰ এজন সহোদৰ তুল্য ভাবিবলৈ আদেশ কৰিছিল আৰু সেইদৰে সম্বোধন কৰিবলৈ দিছিল আৰু সেই আদেশ মতেই কাৰ্য্যও কৰা হৈছিল। গতিকে এইজন পুৰুষ সম্বন্ধে প্ৰায় সকলো কথা লেখকে জানিবৰ অনেক সুযোগ পাইছিল আৰু সেই সুযোগৰ বলেৰেই এই কাৰ্য্যত হাত দিবলৈ আগ বাঢ়িলে। ইমানতো যদি কোনোজনে লেখকৰ দোষ ধৰে তেতিয়া হলে লেখক সম্পূৰ্ণ নিঃসহায়, আৰু মাত মাতিবলৈ ঠাই নাই বুলিব পাৰি।

শিৱসাগৰ, আমোলাপটি
১ ভাদ, শঁক ১৮৩০।

শ্ৰীফণীধৰ চলিহা।


পুঃ—ছপাবৰ ছেগ নোপোৱাত আজি চাৰি বছৰ পুথিখন হাতে- লিখা ভাগেই পৰি আছিল; এতিয়া সেই ছেগ পাই তাক পোহৰলৈ উলিয়ালোঁ। পলম হোৱাত হওঁতে এফেৰি লাভহে হল; এই ছেগতে কিছুমান সময়োপযোগী কথা যোগ দিয়া গল। এতিয়া সকলে দোষ এৰি ৰাইজে পুথিখন মৰমৰ চকুৰে চায় যেন, এই বাঞ্ছা। ইতি—

শিৱসাগৰ
মাঘ, ১৮৩৪ শঁক।

শ্ৰীফণীধৰ চলিহা।