পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/18

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৬ ]

হ ল হ্ল প্ৰহ্লাদ, আহ্লাদ।

 

ক্লেশ সহ্য নকৰিলে একো কাৰ্য্য সিদ্ধি নহয়।
পৰৰ গ্লানি কৰা অনুচিত।
ৰজা নোহোৱা দেশত বিপ্লৱ ঘটে।
যি আত্মশ্লাঘা কৰে তাৰ মূৰ্খালি প্ৰকাশ পায়।
প্ৰহ্লাদ বিষ্ণুৰ প্ৰধান ভকত আছিল।


বকাৰ।

 

ক ব ক্ব ক্বাথ, পক্ব, সুপক্ব।
জ ব জ্ব জ্বৰ।
ণ ব ণ্ব অণ্বয়।
ত ব ত্ব সত্বৰ।
দ ব দ্ব বিদ্বান, দ্বাৰ, দ্বাৰা।
ধ ব ধ্ব ধ্বনি, ধ্বংস, সাধ্বী।
ন ব ন্ব অন্বেষণ।
শ ব শ্ব নিশ্বাস, বিশ্বাস, বিশ্ব, ঈশ্বৰ।
স ব স্ব স্বৰ, স্বয়ং, স্বাদ।
হ ব হ্ব বিহ্বল, আহ্বান।
ক্ষ ব ক্ষ্ব ইক্ষ্বাকু।

 

সুপক্ক ফল বৰ সোৱাদ।