পৃষ্ঠা:আদিচৰিত.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
আদি চৰিত

আন কথা সবে এৰি   শঙ্কৰৰ ধৰ্ম্ম ধৰি
  সবে হোৱা হৰিপৰায়ণ।
শঙ্কৰেসে গতি মতি   শঙ্কৰৰ পাৱে ৰতি
  সৰ্ব্বজনে ফুৰা নাম গাই।
ভাৰ্য্যা পুত্ৰ ধান ধন  দেখা সবে অকাৰণ
  পৰলোকে কেহুঁৱে নযায়।
ভকতি কৰিলে পুণ্য  ভকত জনৰ মূল্য
  পাপ পুণ্য দুয়ো লগে যায়।
ভকতি নভৈলে পুনু  ভাৰতত জন্ম পাইবা
  চিন্তিয়োক শঙ্কৰ গোসাই॥৭২৫
হেন জানি সন্তলোক ভক্তি কৰি তৰিয়োক
  ধৰ্ম্ম মধ্যে ভক্তি ৰত্ন সাৰ।
ভক্তক তাৰিবে হৰি  শঙ্কৰ স্বৰূপ ধৰি
  পৃথিবীত ভৈলা অৱতাৰ।
হেন মোৰ ইষ্ট দেৱ তান্ত বিনে নাহি কেৱ
  তান ভৃত্য মাধৱ বদতি।
আদি কথা শঙ্কৰৰ ভক্তি মধ্যে সাৰোতৰ
  ছবি পদ বন্ধে নিগদতি।
মাধৱ বদতি ভণে  শুনিয়োক সৰ্ব্বজনে
  নিৰন্তৰে এৰা আন কাম।
শঙ্কৰক ভজি আবে তান নাম লৈয়ো সবে
  সমাজিকে বোলা ৰাম ৰাম ॥৭২৮