পৃষ্ঠা:আদিচৰিত.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
আদি চৰিত

তুমি যেহি তিনি বৰ খুজিলাহা মোক।
বাঞ্ছামতে এহি এহি বৰ সত্য হৌক ॥ ১২৮
এহি বুলি দিবাকৰ মৌনে ৰহি আছে।
চৰণত ধৰি লক্ষ্মী বুলিলন্ত পাচে॥
নমো নমো স্বামীদেৱ জগত তিমিৰ।
হৈয়ো সুপ্ৰসন্ন প্ৰভু তুমি দিবাকৰ॥ ১৩০
নজানিলোঁ পূৰ্ব্বে মই বৰ খুজিবাক।
পুনুৰূপি তুষ্ট হুয়া বৰ দিয়ো মোক॥
নমাগোঁহোঁ অন্য প্ৰভু দিয়া জয় বৰ।
ৰণে জয় হৌক পুত্ৰ নাতি নিৰন্তৰ॥ ১৩২
যৈতে ৰণ লাগে তেবে তৈতে জয় হৌক।
অনুগ্ৰহ কৰি এহি বৰ দিয়া মোক॥
এহি বুলি চৰণত পৰিয়া আছয়।
লক্ষ্মীৰ তুতিত তুষ্ট কাশ্যপ তনয়॥ ১৩৪
সূৰ্য্য নিগদতি প্ৰিয়া শুনিয়ো বচন।
পুনুৰূপি দিবোঁ বৰ হৈয়ো তুষ্ট মন॥
এহি তাম্ৰক্ষৰী মন্ত্ৰ চিন্তিব মনত।
মোৰ বাক্যে সিদ্ধি হৈব কহোঁ স্বৰূপত॥ ১৩৬
ভুকুতি মুকুতি ধৰ্ম্ম দুইহাঙ্কো পাইবেক।
কলিযুগ থাকে মানে শাস্ত্ৰ থাকিবেক॥
উগ্ৰচণ্ডী গোসানীক স্মৰি মন্ত্ৰগণ।
জলমধ্যে অগ্নিকুণ্ডে কৰিবে স্তৱন॥ ১৩৮