সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰাচিত ৷ ৮৫ লাগিবই৷ মোৰ মতে গণপতিতকৈ ধনপতিৰ পৰাচিত বেচি । - গণপতিয়ে হাতেৰে নোৱাৰিলেও মুখেৰে অন্ততঃ অন্যায়ৰ প্ৰতি- বাদ কৰিছিল, কিন্তু ধনপতিৰ সিমান ফেৰা সাহ-শক্তিও নাছিল । . তেওঁৰ পাপ দুটা,—এটা হৈছে, অন্যায় দেখিও প্রতিবাদ কৰিব নোৱৰা কাপুৰুষতা ; আনটো হৈছে লগৰীয়াজনক আক্ৰমণ- কাৰীৰ হাতত এৰি অহা বিশ্বাস-ঘাতকতা। সেই কাৰণে গণপতিৰ পৰাচিত যিমান, ধনপতিৰ তাৰ দুগুণ । মোৰ কথা শুনি শ্ৰুতিকৰে কলে,–“আপুনি কোৱাটো শাস্ত্ৰৰ মত নহয়।” মেই। - আপোনালোকে শাস্ত্ৰ-শাস্ত্ৰকৈ নিজৰ জ্ঞান-বুদ্ধি, যুক্তি- তর্ক সোপাকে টিকিৰাৰ লগত ধোঁৱা কৰি উৰুৱাই দিছে ৷ এই হেন দুজন ডেকাক এটা কেলেহুৱাই অন্যায়ভাবে আক্রমণ কৰিলে, আৰু এওঁলোকে গাল পাতি দি চৰ খাই লৰ মাৰি প্ৰাণটো ৰাখিলে। তাক ভালকৈ ঠেকেচাচেৰেক দি শিকনি দিবলৈ এওঁলোকৰ টিকনি আগৰ খংটো নোহোৱা হল কিয় ? ইমান নিৰ্জ্জীৱ, ইমান দুৰ্ব্বল এই মানুহ কেইটাক কোনে কৰিলে ? আপোনালোকে আৰু আপোনালোকৰ শাস্ত্ৰই নহয় নে ? আজি মৈমনচিঙ্গীয়াই আপোনাৰ ভেটিমাটি দখল কৰিছে, নকৈ বিয়া কৰাই অনা তিৰুতাক বাটৰ পৰা নি খাটত তুলিছে। কিহৰ বলত ? বোলে৷ সিহঁতৰ বাহুৰ বলত, নে আপোনালোকৰ শাস্ত্ৰৰ দোষত ? সিহঁতে জানে সিহঁতক দেখিলে আপোনালোকে সত্ৰ এৰে, হাতত ধৰিলে পাটীৰ তিৰুতাকে। এৰি দিয়ে, আপোনালোকৰ প্ৰতি এটেপা