সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰস্তাৱনা । মহীয়া জুহালৰ দাঁতিত ডেকা, বুঢ়া, ল'ৰা আদি গোট খাই খেকাৰ আৰু পিকেৰে গোটেই জুহাল চিত্র-বিচিত্ৰ কৰি ধুতি-বিধুতিৰ আলোচনা কৰে, নাইবা যেতিয়া অফিচাৰসকল অফিচৰ পৰা ফোঁপাই-জোপাই আহি, এটুপি চাহ পানীৰে উদৰাগ্নিৰ কিঞ্চিৎ উপশম কৰি তাচ বা পাশাৰ ওচৰত শৰণাগত হৈ দেশ উদ্ধাৰৰ উপায় বিচাৰি কেতিয়াবা ফোচ-ফোঁচায়, আৰু কেতিয়াবা ফেচ- ফেচায়, অথবা যেতিয়া কোনো কোনে৷ মহাশয় লোকে ৰাতিৰ আন্ধাৰৰ কাচপাত্ৰাৱ-গুণ্ঠিতা দ্রবীভূতা দেবীৰ অধৰ স্পৰ্শ কৰাৰ সময়ত আনৰ চৰিত্ৰৰ সমালোচনা কৰে, তেতিয়া যদি কোনোবা কাণ থকা মানুহ ওচৰে দি যায়, তেনেহলেই শুনিব যে তেওঁলোকৰ গণনাত মই এটা পগলা । অকল সেয়েই নহয়, হাটে-বাটে, পথাৰে-সমাৰে, সবাহে-ভাওনাই যেয়ে মোৰ লগত কথন-মথন কৰে, সেয়ে ঘপহ কৰে সাব্যস্ত কৰি লয় যে মোৰ দৰে পগলা তেজপুৰ পগলা-ফাটকতে| দ্বিতীয় নাই । ম‍ই কিন্তু আজিলৈকে কোনোটো সিদ্ধান্তকে চূড়ান্ত বুলি স্থিৰ কৰিব নোৱাৰি সম্প্ৰতি ইয়াকে ধৰি থৈছোঁ, যে হয় কথাটো সম্পূর্ণ সঁচা, নহয় তেনেই মিছ৷ ৷ যদি সঁচা হয় তেন্তে উৰণ, বুৰণ, গজন, গমন এই চাৰি মুঠি জীৱৰ সকলো পগলা, আৰু যদি মিছা হয়, তেন্তে মোৰ বাহিৰে আনবিলাক পগলা ৷ ৰাইজৰ ভিতৰত কোনোবা সংস্কৃতজ্ঞ পণ্ডিত আছে যদি, সুবন্ত, তিঙন্ত ণিজন্ত, যঙন্ত, সনন্তৰ পৰা আৰম্ভ কৰি সন্ত, মহন্ত, হনুমন্ত, বেদান্ত, কৃতান্ত আদিৰ মাজে দি অনন্ত ভগৱন্ত পৰ্য্যন্ত খেপিয়াই চাগৈ মোৰ কথা বুজিবলৈ ন্যায়ৰ অৱতাৰণা