মই কলো,—“মই মাতিব পাৰোঁ, কিন্তু ভয় হয়, মোৰ মাত শুনি জানোচা কাৰবাৰ গাত চোৰাতে ডাকে। ”
শ্ৰুতিকৰ।—নাডাকে, মাতক।
মই।—তেন্তে প্ৰথমৰে পৰা মই আকৌ ঘটনাটোৰ আঁতি-গুৰি লম। এই বুলি কৈ ধনপতিক সুধিলোঁ, “গণপতিৰ লগত খেৰণিলৈ গৈছিলা নে?
ধন।—হয় গৈছিলোঁ।
মই।—মৈমনচিঙ্গীয়াটোৱে গণপতিক মৰা সঁচা নে?
ধন।— সঁচা।
মই।—তুমি তেতিয়া ক’ত আছিলা?
ধন।—মই দুই নলমান আঁতৰত আছিলোঁ। গণপতিক মৰা দেখিয়েই কেনেবাকৈ মোকো ধৰেহি বুলি লৰ মাৰিলোঁ।
মই।—মৈমনচিঙ্গীয়াটোৰ কাম উচিত হৈছিল নে?
ধন।——নাই হোৱা।
মই।—তুমি হাতেৰেই হওক বা মুখেৰেই হওক, তাৰ কিবা প্ৰতিবাদ কৰিছিলা নে?
ধন।—নাই কৰা।
মই।—প্ৰতিবাদ কৰা উচিত আছিল নে নাছিল?
ধন।— আছিল। একে কুলীয়া হব লাগিছিল, দেখিলোঁহেতেন সি কিমান পানীৰ মাছ! পিচে অজাতিৰ লগত হতাহতি বা চুপতা-চুপতি কৰোঁ কেনেকৈ? তাক গুৰুলা-গুৰুলকৈ কিল শোধালেও তাৰ একো নহয়, কিন্তু সি লপা-থপা এটা মাৰিলেই