সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী । তেওঁলোকক সকলো বিষয়তে পুৰুষৰ সমানে চলিলৈ কোৱা- গৈচোন তোমাক কি কৰে ! তেওঁলোকে নিজৰ ভাগৰ কামৰ কৰাৰ কথা ভাবিবই বাহিৰে পুৰুষৰ ককামত হেতা-ওপৰা নোৱাৰে । তুমি যদি তেওঁলোকক পুৰুষৰ সমানে নিজ হাতে হাল-কোৰ বাই স্বতন্তৰীয়৷ হৈ খাবলৈ কোৱা, বোধ কৰোঁ, তেওঁলোকে তোমাক সম্মার্জ্জনীৰে হে সম্বন্ধ না কৰিব । মই ৷—তাৰ কাৰণ তেওঁলোকক তোমালোকে আন্ধৰত পেলাই থৈছা ; সেই দেখি তেওঁলোকে নিজৰ ইষ্টানিষ্ট বুজিব পৰা নাই ৷ নাই দেখিয়েই বন্ধু।—বাৰু তেওঁলোকে শিক্ষা পোৱা তেনে কৰে, শিক্ষিত৷ সকলে নো কি কৰে বুলি ভাবিছা ? শিক্ষিতা সকলেও সভা-সমিতিত হে প্রস্তাব “পাচ” কৰে, কামত কিন্তু অশিক্ষিতবিলাকতকৈও বেচিকৈ পুৰুষৰ পোন্ধত ধৰে। এটা ঘটনাৰ কথা ক'ম শুনিবা নে ? কিছুমান দিনৰ আগতে মই এবাৰ -কলিকতালৈ গৈছিলোঁ। ঘূৰি আহিবৰ সময়ত ম‍ই অহা মধ্যম শ্ৰেণীটোতে চাৰি গৰাকী অসমীয়া গাভৰুও আহিছিল ; তেওঁ- লোকৰ দুজনীয়ে আই, এ, আৰু আন দুজনীয়ে বি, এ পঢ়িছিল। ৰেলতে তেওঁলোকৰ লগত মোৰ আলাপ-পৰিচয় হ'ল। তেওঁলোকে স্ত্রী স্বাধীনতাৰ কথা উলিয়াই পুৰুষ আৰু স্ত্ৰীৰ কৰ্ম্মক্ষেত্র যে বেলেগ হব নালাগে, তাৰ নানা যুক্তি দিলে। মই সেইটো সম্ভৱ নহয়, আৰু প্রাকৃতিক গঠনে কর্ম্মক্ষেত্ৰ বেলেগাই ৰাখিছে বুলি তাৰ ওলোটা যুক্তি দিলো ৷ কিন্তু মই অকলশৰীয়া, তেওঁলোক হল চাৰি জনী ।