সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
পিতৃ-পিতামহৰ ধৰ্ম্ম

আৰু বামুণো তললৈ গ'ল, তেতিয়া সকলো হিন্দুব দশাহ অশৌচেই উচিত বুলি বহুতো ঋষি-মুনিয়ে সিদ্ধান্ত কৰিলে । আজি যদি শাস্ত্রমতে বিচাৰি চায়, বামুণো নাপায়, শূদিৰো নাপায়, পায় যদি অকল বৈশ্যকে হে পাব । সেই কাৰণে আগেয়ে কৈ অহা বিকল্প মতৰ এটাৰ মতে সকলো অসমীয়া হিন্দুৰ দহ দিন হে অশৌচ, আনটোৰ মতে সকলোৰে পোন্ধৰ দিন অশৌচ হ'ব পাৰে। আন প্ৰকাৰ অশৌচলৈ বৰ্ত্তমান সমাজত ঠাই নাই। জাতি হিচাপেও একে হিন্দুজাতিৰ নিমিত্তে এবিধতকৈ বেচি ব্যৱস্থা থকা তো অধঃপতনৰ চিন মাথোন। মই এই বিষয়ে বিস্তৰ শাস্ত্ৰৰ বচন শুনাই মোৰ কথাৰ প্ৰমাণ দিব পাৰিলোহেঁতেন ; কিন্তু মোৰ লগত বিচাৰ কৰিবলৈ কোনো নাই যেতিয়া, নিজে শুনিবলৈ বক্তৃতা দিয়া নিষ্প্রয়োজন। প্রভু ঘুৰি আহিলে সেই বিষয়ৰ বিচাৰ কৰিবলৈ মই সাজু হৈ আছোঁ৷”

 সকলোৱে প্ৰভু আহক আহক বুলি বাট চাই ভাগৰিল, ৰাতি ওচৰ চাপিল ; কিন্তু শৌচাচাৰৰ পৰা প্ৰভু জগন্নাথ তেতিয়াও নুঘূৰিল । তাতে জোঙ্গা মহৰ কামোৰত বোন্দাপৰ দি থকাতকৈ গোসাঁইৰ সিদ্ধান্ত অনন্ত কাললৈ স্থগিত থৈ, তেতিয়া সকলো ৰাইজ উঠি দিহা-দিহি গুচি গ'ল ৷ ময়ো এটা বেলা অনাহকত কটাই ঘৰমুৱা হৈ বাট ললোঁ । “কঠালে পেলালে মুচি, আহিলো ঘৰলৈ গুচি।’’

———