সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী । দিবলৈ আহিছে ৷ কৃপা কৰি, আমাৰ সন্দেহ ভঞ্জন কৰি, বিবাদ খণ্ডন কৰিব বুলি প্ৰাৰ্থনা জনালো । গোসাঁই।—কি কথা ? দলপতি। —–কথাটো ডাঙ্গৰেই ৷ কোনোবা গোসাঁই এজনে বোলে শাস্ত্ৰ-ভাগৱত চাই উলিয়াইছে মানুহ মৰিলে নাইবা উপজিলে বামুণৰ দৰে শূদিৰৰো হেনো দহ দিনতে চুৱা যায় ৷ তাকে শুনি আমাৰ কোনো কোনোৱে এই বিধানকে মানিব খুজিছে, আনবিলাকে আকৌ পুৰণিৰ সোৱাদ এৰিবলৈ ইচ্ছা নকৰি নতুনৰ লগত অসহযোগ কৰিবলৈ টঙ্গালী বান্ধিছে । এতিয়া আমাৰ দল ফটাফটি হৈ কেতিয়াবা হতাহতি, কেতিয়াবা মূৰ মিলিছে । সেই দেখি, আমি দুয়োদল ৰ কটাকটি হোৱাৰ আগন্তুক মানুহ লগ হৈ প্ৰভুৰ ওচৰলৈ আহিছোঁ, আপুনি নিৰপেক্ষভাবে ৰায় দি ফটা বাঁহ জোৰাই সমাজখন ৰক্ষা কৰিব লাগে । এয়ে আমাৰ প্ৰাৰ্থনা । এই খিনিতে এটা কথা কৈ থোৱা আৱশ্যক যে দলৰ লোক সকলৰ অধিকাংশৰ যদিও প্ৰভুৰ ওপৰত আস্থা আছিল, তথাপি তাৰ ভিতৰতে কেইজনমান অজীণ-পাতকাও যে নাছিল এনে নহয়৷ তেওঁলোক সমাজৰ জঁ ৰিত হে গোঁসাইৰ ওচৰলৈ যাবলৈ ওলাইছিল ; সেই কাৰণে গোসাঁয়ে যাতে কেচুৱা লৰাক কল দি, নাইবা কণা হাঁহক পতান দি ভুৰুকিওৱাৰ দৰে তেওঁলোকক ভুৰুকিয়াৰ নোৱাৰে, তাৰ নিমিত্তে তেওঁলোক বিশেষ সাৱধান হৈছিল আৰু আগদিনা ৰাতি টোপোল৷ এটা লৈ বিচাৰৰ সময়ত উপস্থিত থাকিলৈ মোক কুঁহিয়াৰ পৈৰা দি পেৰিছিল। মই