সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰ্পতৰ গুণ । বাবু ।—বঙ্গলা। যেনেকৈ পৃথিবীত সংস্কৃত, গ্রীক, লেটিন, হিব্রু আদি নানা উপভাষা থাকিলেও যাই ভাষা বঙ্গলা, তেনেকৈয়ে মঙ্গল গ্রহতো দুই এটা পালি ভাষা থাকিলেও বঙ্গলায়েই প্রধান ভাষা ৷ খং নামে চণ্ডালটোৱে এই খিনিতেই মোক দাং খুৱাই আনিছিল, কিন্তু এনেতে জাহাজ আহি কলীয়া উকীলৰ ফুলনি বাৰী পোৱাত এই অধ্যায় ইমানতে সাং হ'ল

ৰাতিপুৱা দেখোঁ দেখোন মই চন্দ্ৰতো নাই, মঙ্গলতো নাই, আন কি, ৰাতি বহা চাংখনতো নাই ৷ কেনেবাকৈ সৰি পৰি চাঙ্গৰ তলতে লেটি লৈ আছে৷ ৷ বোধ কৰোঁ, ৰাতি বৰষুণ হৈছিল, নহলে কাপোৰ কানিবোৰ নিতিতিলহেতেন আৰু তলতো বোকা নহ'ল হেঁতেন ! এই সকলো যে উকীলৰ চৰ্পতৰ গুণ তাক মোৰ বুজিবলৈ বাকী নাথাকিল। সৌভাগ্যৰ কথা, তেতিয়াও কোনো উঠা নাছিল । ম‍ই লৰা-লৰিকৈ উঠি হাবিৰ আঁৰে আঁৰে কোনেও নেদেখাকৈ নিজৰ ঘৰখন ললোঁহি ৷ মানুহে তিতি বুৰি হে শিকে ; মোৰো এটা বিয়াগোম শিক্ষা হ'ল।