সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চপতৰ 1 আপোনালোকৰ উপৰি পুৰুষসকল জলচৰ আছিল, আৰু সেই সময়তে কাৰবাৰ খেৱালি জালত পৰি কোনো কোনো জন স্থলচৰ হবলৈ বাধ্য হৈ আন দেশত আশ্ৰয় লব লগাত পৰিছিল । কিন্তু সেয়ে হলেও, তেওঁলোকৰ কিবা ভাষ৷ আছিল নে নাই তাক ঠাৱৰোৱা টান। হব পাৰে তেওঁলোকেই মৎস্যৰূপে অৱতাৰ ভৈলা প্রথমত । উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত ॥ কিন্তু আনে অনুমান কৰে, যে সাগৰৰ তলিৰ পৰা আপোনা- লোকৰ দেশখন ওপৰলৈ ওলোৱাৰ লগে লগে ওচৰৰ কামৰূপৰ মানুহে তাত পাম লবলৈ ধৰিলে, মগধ আৰু উৰিষ্যাৰ পৰাও যে দুই চাৰিজন ন-পমুৱা মানুহ তাত বহা নাছিল, এনে নহয়। এই সকলোবোৰ মিহলি হৈয়েই বঙ্গালী আৰু বঙ্গলা-ভাষা গঢ়িলে বুলি ভূতত্ত্ব আৰু পুৰাতত্ত্বৰ ভূ-ৰখাসকলে কয়। মুঠতে বঙ্গালী আৰু বঙ্গলা ভাষাৰ বাৰ অনা অসমীয়া বুলি এই দল লোকে বুকু ফিন্দাই কবলৈ ওলায় । এতিয়া এই দুই মতৰ কোনটো গধুৰ জুখি নোচোৱাকৈ এটাক তুলি লবলৈ টান পাইছোঁ ৷ আপুনি কি কয় ?” বাবুজনে একো একোবাৰ কোৱাৰি চেলেকি মোলৈ টেলেকা টেলেকি কৈ চাই কিছু সময় মনে মনে থাকিল । মোৰ কথা শেষ হোৱাৰ লগে লগে মুখেৰে ওঁ আঁ একো নকৰাকৈ তেওঁ ঘপহ কৰে উঠিল, আৰু বাওঁহাতেৰে চুৰীয়াখন খামুচি ধৰি খৰ খোজেৰে অদৃশ্য হৈ গ'ল ৷