সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী — নম্বৰ ন।

চৰ্পতৰ গুণ।

( ১৮৩২ শক )

 ৰাইজৰ কপালৰ গুণত আৰু বোধ কৰোঁ, আত্মানন্দৰ কপালৰ দোষত গাৱঁলীয়া সমাজক ঘিণাই নিজক পূৰা সভ্য বুলি গণ্ডপ মাৰি ফুৰা কোৱাভাতুৰীয়া নগৰিয়া ভদ্ৰলোকসকলৰ বিষয়ে তেওঁ ইমান দিনলৈকে একো বুজ নলৈছিল। নহলে তেওঁ বুঢ়ালোকে কোৱা “আগ নুগুণি গুণে পাচ, লোভত মৰে ৰৰশীত মাছ”–কথাষাৰলৈ আওকাণ কৰি, অলপো নভবা নিচিন্তাকৈ সিদিনা চহৰৰ কলীয়া ওৰফে কালীৰাম উকীলে কৰা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ এনেকৈ অমানুহ নহলহেঁতেন। উকীলৰ নিমন্ত্ৰণ পত্ৰ পাই নপঢ়াকৈয়ে মই ভাবি লৈছিলোঁ, বোলো উকিলৰ ঘৰত কিবা হৰিসেৱা কি ভকত-সেবা পাতিছে, কিন্তু গৈ পাই দেখিলোঁ হৰিসেৱা নহয়, গোপিনীসেৱা হে। তাত ঢোল-খোল, ডবা-বৰকাঁহ নাইবা তালৰ প্ৰবেশ নিষেধ আসিল। তাত জনচেৰেক বায়নে হাৰ্ম্মোনিয়াম, ঢোলোক, তবলা, বেহালা আদি কিবা-কিবি বাদ্যযন্ত্ৰ লৈ কেঁ-কোঁ, পেঁ পোঁ, তেৰে-কেটে, তাক-ধুম প্ৰভৃতি সুৰেৰে কেঁকাই-গেঁঠাই আছিল, আৰু বিলাতী গান্ধ তেল সানি জহামাল যেন হৈ চাৰিওফালৰ পৰা হেপাহৰ চকুৰে চাই থকা জাকৰুৱা সমজুৱাৰ মাজত শাৰী পিন্ধা তিনি জনী নাটেশৰীয়ে কিবা