সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সনাতন ধৰ্ম্ম। 89 বাপুৱে একোটা গৰু হাড়ে মূৰে অকলৈ গত লগাইছিল । বৰ্ত্তমান এই প্রথা লোপ পাই আহিছে (৩) আগৰ দিনত সাধাৰণতঃ গাভৰু নহলে ছোৱালীৰ বিয়া নহৈছিল ; আন কি, গাভৰু ছোৱালীয়ে নিজে দৰা বিচাৰি লোৱাৰ প্ৰথাও আছিল। এতিয়া তাৰ ব্যতিক্ৰম ঘটিছে। (8) ৰজা মানুহৰ বংশ ৰক্ষা কৰিবলৈ ক্ষেত্ৰেৰ পুত্ৰ জন্মোৱাৰ প্ৰথা প্ৰাচীন কালত আছিল, আজি কালি তেনে প্ৰথাৰ প্ৰকাশ্যে প্রচলন নাই। (৫) বিধবা বোৱেকক দেওৰেকে বিয়া কৰোৱাটোও এটা আগৰ কালৰ নিয়ম, গতিকে সনাতন প্ৰথা । (৬) বিখ্যাত চন্দ্ৰবংশৰ ৰজাসকলৰ গাত বামুণ, ক্ষত্রিয়,নৃত, কৈৱৰ্ত্ত, নগা, ৰাক্ষস আদি নানা জাতীয় লোকৰ তেজ মিহলি হৈ বংশটো পৰিত্ৰ কৰিছিল, অর্থাৎ সেই কালত বৰ্ণসঙ্কৰ অপবিত্র আছিল । (৭) স্মৃতিমতে লা, লোণ, গাখীৰ, ঘিউ, মৌ আৰু মাংস বেচিলে বামুন শূদ্র হয় আজিকালি দোকান দি বহুতো বামুণে এইবোৰ বেচে, সেইবোৰৰ ঠাই শূদিৰৰ লগত ৷ ওপৰত লিখাৰ নিচিন৷ বহুতো সুনিয়ম আর্য্যহিন্দুসকলে তেওঁ- লোকৰ সমাজত চলাইছিল। আজি সেইসকলৰ পো-নাতি- সকলে উপৰি পুৰুষৰ এনে সনাতন প্রথা বৰ্জ্জন কৰি ধৰ্ম্মৰ গ্লানি উপস্থিত কৰিছে । এতেকে, হে আর্য্যবংশাবতংস হিন্দু- -সকল, হে বিদ্যাবাৰিধি শাস্ত্রবিশাৰদবৰ্গ, হে তর্কচঞ্চু কাকচঞ্চু আদি