সি ধৰ্ম্ম নহয়, ৰিপু হে। আমি সনাতন হিন্দুধৰ্ম্মৰ হে কথা কৈছোঁ।
মই।—আপোনালোকে নো কোনটো সনাতন ধৰ্ম্ম বুলিছে?
অধ্যপক।—শ্ৰুতি-স্মৃতিত যিবোৰ নীতি-নিয়ম, আচাৰ ব্যৱহাৰ,সাধন-ভজন, আহাৰ বিহাৰৰ ব্যৱস্থা আছে, তাক পূৰাকৈ মানি চলাটোৰেই সনাতন ধৰ্ম্ম; কিয়নো সেইবোৰ স্বয়ং ঈশ্বৰৰ বাণী। সেই বিলাকৰ অলপো হেৰ-ফেৰ হব নোৱাৰে, হলেই সনাতন হিন্দুধৰ্ম্ম ৰসাতললৈ যাব। সেই কাৰণে তাক ৰক্ষা কৰিবলৈ সকলো উপায় অৱলম্বন কৰিব লাগে।
মই।— অ’ সেইটো হে কথা! তেন্তে সি বৰ বঢ়িয়া কথা। এতিয়াই মই আপোনালোকৰ আগে আগে লৰি যাম। কিন্তু চাব, যেন আপোনালোকে আদ বাটতে ফালৰি কাটি হাবিত নোসোমায়।
অধ্যাপক। -আপুনি সেইটো মনলৈকে নানিব। আমি সকলোৱে আপোনাকে আমাৰ নেতা পাতিব খুজিছেঁ৷। আমাৰ সৰ্ব্বভাৰসা আপোনাৰ ওপৰতে।
মই।-- অতি সজ কথা। পুৰণি নীতি-নিয়মত মোৰ বৰ আস্থা। আপোনালোকো যে মোৰ দলৰে, সেইটো ইমান দিন ভবাই নাছিলো, নতুবা মাহাত্মাক ওফৰাই পেলাবলৈ কেতে পৰ! মই ভাত খাই উঠিয়েই লাগি যাম। এতিয়া আপোনালোক যাওক। যাতে সকলো মানুহ পুৰণি নিয়ম-কাৰণ মানি চলে, তাৰ নিমিত্তে এখন বিস্তৃত ইস্তাহাৰ লিখি জাৰি কৰিব লাগিব। তাত আপোনালোকৰো চহি থাকিব লাগিব।