সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী । -এইখিনি কথা আপোনালোকৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি হে কৈছোঁ ৷ এতিয়া মোৰ নিজা কথাৰে তাৰ বাও খুৱাই নিদিলে সি লঠা হৈ থাকিব ৷ সেই কাৰণে সামৰণিত মই কওঁ, যে অসম দেশৰ নিমিত্তে ছৰ্দ্দ৷ আইনখন ভোমোলা বিন্ধা ওলোৱা পদাতকৈও অধম। যেনেকৈ ভিতৰ-সুন্দৰীসকলে আলিবাটৰ মানুহৰ ওপৰত পেলোৱা দৃষ্টি তেনে পদাই ৰোধ কৰিব নোৱাৰে, তেনেকৈয়ে · ছৰ্দ্দা আইনে অসমৰ বাল্য-বিবাহৰ বাটত যিমানেই হেঙ্গাৰ ধৰক, কাকো বাধা দিব নোৱাৰে। ভাৰতবৰ্ষৰ বহুত ঠাইত ওপজা দিনাৰে পৰা আৰম্ভ কৰি দহ বছৰলৈকে ছোৱালী বিয়াত বহে ; সেই কাৰণে ছৰ্দ্দা আইনৰ চোকা টেকেলাই সিহঁতৰ অতি সহজে ধৰিব পাৰে ৷ দুই চাৰি বছৰীয়া ছোৱালী যে চৈধ্য বছৰীয়া নহয়, আমাৰ দেশৰ তাক প্ৰমাণ কৰিবলৈ হাবাথৰি থাব নালাগে । কথা বেলেগ ৷ ইয়াত অব্ৰাহ্মণৰ কথাই নাই, ব্ৰাহ্মণৰ ঘৰতো ছোৱালী এঘাৰ বছৰৰ পৰা কুৰি বছৰলৈকে ( পিচৰতো অৱশ্যে ধনীৰ ঘৰত ) বালিকা হৈ থাকিয়েই বাল্যবিবাহ পুণ্য অর্জ্জনত মাক বাপেকক সাহায্য কৰে । সেই কাৰণে, চৈধ্যৰ ওপৰলৈ উঠা- সকলে নিশ্চিন্ত মনে ছৰ্দ্দা আইন পাৰি বহিব পাৰে, আৰু এঘাৰ- বাৰ বছৰীয়াৰো হিচাপত চৈধ্য বছৰ তিনি মাহ উলিয়াই দিলে কাৰো আপুটিয়েকে নহয় বুলি শপত খাবলৈ গাত লব নোৱাৰে ৷ চাই থাকোতেই একোজন দোকানীয়ে চৈধ্য-পোন্ধৰ ছটাকক পূৰা এসেৰ বুলি চলাই দিয়ে, তথাপি ভেবাৰাম গ্ৰাহকে তাক ধৰিব নোৱাৰে ; তেনেস্থলত, দুই এবছৰৰ হেৰ-ফেৰ আবিষ্কাৰ কৰা ছৰ্দ্দা