সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- আইন । ৩৩ নাছিল, তথাপি এই ডাহটোৰ কামোৰ এৰাব নোৱাৰি দলৰ ভিতৰৰ এজন হৈ পৰিলে।। তেওঁলোকৰ সভাৰ কাৰ্য্য তেতিয়া বাঢ়নী পানীৰ সোঁত বোৱা দি বৈ আছিল ৷ আগছোৱা মোৰ চকু কাণ নোছোৱাকৈয়ে পাৰ হল ; গতিকে সি কেইখন গাওঁ ভাঙ্গিলে, আৰু কেইখন পাতিলে, কিমান ৰৌ-বৰালি আনি ভকতসকলৰ জোলোঙাত সুমাই দিলে, তাক ধৰা পেলাবৰ সুযোগ নহল । ম‍ই সোমোৱাৰ সময়ত এজন বৃদ্ধৰ বক্তৃতা চলি আছিল। বক্তাৰ মাতটো যদিও কঁপি কঁপি হে ওলাইছিল, তথাপি স্মৃতিৰ বচনবোৰ তেওঁৰ মুখত আখৈ ফুটা দি ফুটিছিল । তেওঁ গাইছিল,- – অষ্টবৰ্ষা ভৱেৎ গৌৰী নৱবৰ্ষা তু ৰোহিণী দশমে কন্যকা প্রোক্তা অত ঊৰ্দ্ধং ৰজস্বলা ৷৷ পিতা চৈৱ মাতা চৈৱ জেষ্ঠ ভ্রাতা তথৈৱচ । এয়স্তে নৰকং যান্তি দৃষ্ট। কন্যাং ৰজস্বলাম্‌ ৷৷ এতেকে দহ বছৰৰ ভিতৰতে যি ছোৱালী বিয়া নিদিব, তাৰ জাত-কুল, ধৰ্ম্ম-সমাজ সকলো গ'ল; সিপুৰীতে৷ তাৰ ঠাই নৰকলৈ নৰকত । আইন কৰিলে বুলিয়েই আপোনালোক যাবলৈ ওলাব নে? নহয়, সেইটো হব নোৱাৰে । আহক, আমি সকলো একমুঠ হৈ লাগি যাওঁ; যেতিয়ালৈকে এই আইন ৰদ নহয়, ছৰ্দ্দাৰ মুণ্ডপাত নহয়, তেতিয়ালৈকে খাৱন-শোৱন এৰি আন্দোলন চলাওঁ । জৰিমনা কৰে, ফাটকত দিয়ে, কলীয়|