কাহিনী—নম্বৰ পাঁচ
- -
- Sis
কলেৰ৷ নিবাৰণ । (১৮৪৮ শক ) এসময়ত ত গাৱঁত কলেৰা হৈছিল । তাকে দেখি গাৱৰ কেইজনমান মুথিয়াল মানুহে বেমাৰ খেদাবৰ মনেৰে কিবা পূজা এভাগ কৰিবলৈ স্থিৰ কৰি বৰঙ্গনি তোলাত লাগিল । মোৰ ওচৰলৈ ধন বিচাৰি আহিলত মই তেওঁলোকক সুধিলোঁ,–“পূজা কৰাৰ পৰা কি লাভ হয় ?” ২৯ তেওঁলোকে কলে,—“কিয়, গাৱঁত কলেৰা হৈ কিমান মানুহ মাৰিছে আপুনি জানো দেখা নাই ! ইমানতো পূজা নাপালে গোসানীয়ে কাকে৷ শুদাই নেৰে ।” মই কলো,—“তেন্তে ৰাইজে ক'ব খোজে নে কি যে আমাৰ গাৱঁলীয়া ভদাই গাওঁবুঢ়া, নদাই বায়ন আদি মেল্কী, নাইবা চৰকাৰৰ ঘৰৰ অনাহাৰী হাকিম গোবর্দ্ধন শৰ্ম্মা অথবা শান্তিৰক্ষক দুৰ্জ্জন চিঙৰ দৰে গোসানীয়েও ভেঁটী খাবলৈ নাপালে ভেটি খানিবৰ চেষ্টাত থাকে, আৰু খাবলৈ পালে মোৰ পো আৰু খাবলৈ নাপালে চোৰ পো বুলি সাব্যস্ত কৰে ? সঁচাকৈয়ে গোসানী যদি আই-মাতৃ হলহেঁতেন, তেন্তে তেওঁ খাবলৈ নাপালেও বিনা