সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রশ্নৰ উত্তৰ দিবলৈ প্রথমতে মই বুজা নাই স্বদেশী প্ৰচাৰ । २१ দেখোন ভাষাকে বিচাৰি পোৱা নাই। স্বদেশী বোলোতে আপোনালোকে কিন বুজাইছে, আৰু আপোনালোকৰ স্বদেশ কোন খন ? ডেকা । কিয় ? - স্বদেশ বুলিলে গোটেই ভাৰতবৰ্ষক বুজিব” লাগিব, কংগ্ৰেচৰ সেয়ে সংজ্ঞা মই।তেন্তে যি স্বদেশী প্ৰচাৰ কৰিব খোজে, তেওঁ নিজেও স্বদেশী হোৱা উচিত । গাভৰুক ৷—নিশ্চয় । চাওক আমাৰ গাত বিদেশীৰ চিনমাত্রও নাই । হাত-ঘড়ীটো বিদেশী হয়, কিন্তু ভাৰতত পোৱা নাযায় দেখি হে তাক ব্যৱহাৰ কৰিব লগাত পৰিছোঁ। আমাৰ নানা ফালে নানা কাম, ঘড়ী নহলে নচলে। বা মোৰ হাঁহিটোৱে আকৌ উখল-মাখল লগাই দিলে, তাৰ ফলত আকৌ পূর্ববৎ অভিনয়ৰ সূত্ৰপাত্ | এইবাৰ তেওঁলোকৰ ৰকৈ খং উঠিল ; ডেকাজনে নে চুচুক-চামাক কৰিবলৈ ধৰিলে, কিন্তু গাভৰু গৰাকীয়ে ৰণচণ্ডী মূৰ্ত্তি ধৰি থিয় দিলে। মোলৈ চাই তেওঁ কলে,—“আপুনি ইমান অভদ্র! ভদ্রমহিলাৰ সন্মান ৰাখিব নাজানে ।” মই।—সঁচা কথা স্বীকাৰ কৰিছোঁ; “সেৱকে যদি কৰে অপকাৰ, পায় অপযশে স্বানীক তাৰ ।” মোৰ এই অভদ্র হাঁহিটোৱে আৰু কেতিয়াবা অভদ্র সঁচা কথাবোৰে মোকো যে অভদ্ৰ কৰি তোলে তাত মই আশৈ নামাতোঁ । সঁচা কথা ক'ব লাগিলে, ইহঁতক মই চম্ভালিব নোৱাৰোঁ । আজিকালি বাপেকে