সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Jo আত্মানন্দৰ আত্মকাহিনী । ছাগলীটোলৈ হে মনত পৰিছিল ৷ পণ্ডিতজন টানি-টুনি হে যদি তিনি হাত ওখ হয় । সেই দিনাৰ উপস্থিতিলৈ চাই ছাত্র সংখ্যা হব। পণ্ডিতজন সম্ভবতঃ সোপাটিলা নহয় ; ডেৰ কুৰিমান কিয়নো তেওঁৰ সমুখত থকা বৰ্গক্ষেত্ৰাকাৰ চাংডোখৰত ( যাক সম্মান দেখুৱাই মেজ বোলা হয় ) একোছা মেদেলুৱা-ঠাৰি সজাই থোৱা আছিল ৷ মই যেতিয়া তাত প্ৰবেশ কৰিছিলোঁ, তেতিয়া পণ্ডিত মহাশয়ে হাতত ভূগোল এখন লৈ ল'ৰা এটাক সুধিছিল, – “পৃথিবীখন কেনেকুৱা ?” ল'ৰা।—ক’লা। পণ্ডিতে এই লৰাটোৰ পিঠিত দুডাল মেদেলুৱা ছিঙ্গি, আন এটাক সেই একে প্রশ্নকে সুধিলে । সি উত্তৰ দিলে,—“ৰঙা”। পণ্ডিতে তাৰ পিঠিত সাৰৌপ কৰে একোব মাৰি সুধিলে, – “ক’ত পাইছিলি ?” - ২য় ল'ৰা।—এইয়া নহয় সুমথিৰা টেঙ্গাৰ নিচিনা বুলি লিখা আছে। সুমথিৰা টেঙ্গা জানো ৰঙা নহয় ? তাৰ কথা শুনি পণ্ডিতে তাৰ পিঠিত আৰু তিন ডাল মেদেলুৱা ছিঙ্গি পিচৰটোক সুধিলে,—“ক পৃথিবীৰ আকৃতি কেনেকুৱা ?” ল'ৰা ৷—ঘূৰণীয়া । পণ্ডিতে অলপ বেলি থমকা খাই ৰৈ এছাৰি দাঙ্গি কলে, “কটা ! তহঁতক আৰু কিমান শিকাম ! মই তহঁতক কিমান দিন কৈছোঁ –