সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাহিনী- -নম্বৰ এক । ঈশ্বৰক কোনে পায়? (১৮৪৮ শক ) জেঠ-মাহৰ এদিনৰ কথা ৷ সেই দিনা সূৰ্য্যৰ প্ৰকোপ কেনে আছিল তাক যি টিকা উলিয়াই পথাৰত কোৰ মাৰিছিল সি জানে, আৰু জানে আমাৰ চিঠিৰ টোপোলা লৈ ফেঁটী সাপৰ মূৰ ছিঙ্গ। ডাকোৱাল ককায়ে ৷ আনে যে নাজানে সিও নহয় যেহেতু জেঠৰ বাৰ খৰ বোলা সেই বিখ্যাত দিনকেইটাৰ মাজতে সেই দিনটো সোমাই আছিল ৷ কিবা বিশেষ কাম এটাত ময়ো মোৰ তলফালে থকা ইঞ্জিন দুটা চলাই দি যাওঁ নে নাযাওঁকৈ ঘৰৰ পৰা বহিৰ্গত হলোঁ । অলপ পাচতে দেখিলোঁ, এজোপা প্রকাণ্ড পাদপৰ পাদদেশত একুৰা প্ৰকাণ্ড জুই আৰু ওচৰতে গোবৰ-কুটিৰ ছাইৰে লেও লোৱা, মূৰত জঁট বন্ধা, সম্মুখত ভাঙ্গৰ চিলিম, চিম্‌টা আৰু কমণ্ডলু স্থাপন কৰা কৌপীনমাত্ৰসম্বল মনুষ্যৎ কিবা এক মূৰ্ত্তি, আৰু তাৰ চাৰিওফালে সভ্য-ভব্য মনুষ্যবৃন্দ। তৎক্ষণাৎ মোৰ মনত খেলালে যে এই প্রাণীটো নিশ্চয় সূৰ্য্যমণ্ডলৰ পৰা আহিছে ; নহলে জেঠমহীয়া ৰ'দত ইমান জাৰ লাগিব কিয় ? সি যি কি নহওক, তেওঁৰ পৰিচয় 'পাবলৈ ইচ্ছা জন্মিলত লাহে লাহে আগ বাঢ়ি গলোঁ, কিন্তু জুইৰ একেবাৰেই কাষ চাপিবলৈ সাহ নহ'ল । তাৰ পাচত কি ভাষাবে