সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰ্ব্ব তীর্থ স্বৰূপ ব্ৰহ্মপুত্র নদই সৰু সৰু নীল পানী সংগ্ৰহ কৰি কুলু কুলু শব্দেৰে স্তব কৰি জগজ্জননী প্রাধ্যা দেবীৰ আশ্ৰয়ণীয় চৰণপদ্মক ধুৱাৰলৈ দৌৰ মাৰি যি দেশৰ মাজেদি সদায় প্রবাহিত হৈছে, সেই অস্তি মনোহৰ অতি মহান আমাৰ জন্মভূমি কামৰূপ দেশ জযযুক্ত হওক । ১ ॥ যি দেশত জন্মা মানুহবিলাকে আৱশ্যকীয় সকলো বস্তু অলপ যত্নন্তে সংগ্ৰহ কৰি সদায় সকলো কালতে সকলো মুখ ভোগ কৰে আৰু বি দেশত বশিষ্ঠানি ঋষিসকলে যোগৰ প্ৰশ্নষ্ট সিদ্ধি কামনা কৰি বাস কৰিছিল, সেই মনোহৰ অতি শ্রেষ্ঠ আমাৰ জন্মভূমি কানৰূপ দেশ জয়যুক্ত হওক। ২ দশ মহাৰিতা আৰু যোগিনীবিলাকে চাৰিওফালে সদায় আবৰণ কৰি ৰাথা চিম্বৰূপ। নীলাচলবাসীনী সুতন্ত্র নিজ সুতাক অতি আগ্ৰহেৰে দেখিবলৈ হিমালয়ে যাৰ উত্তৰ ফালে গৃহস্থ লোকৰ দৰে মূৰ দাঙি চাই আছে, সেই অতি সুন্দৰ সুমান আমাৰ জন্মভূমি কামৰূপ দেশ জযযুক্ত হওক। ৩ ॥ য'ত পিতা অদ্রিরাজ হিমালযে নিজ তনয়াৰ সুখৰ নিমি‍ে আদেশ দিয়াত পৰ্ব্বতবিলাকে ফল পত্র, পুষ্পাদি সকলো সম্ভাৰযুক্ত হৈ চাৰিওফাল বিৰাজিত হৈ আছে আৰু অস্ত্ৰোক্ত তীর্থসকল সকলোপিনে বিৰাজমান হৈ আছে সেই অতি সুন্দৰ অতি মহান আনাৰ জন্মভূমি কামাখ্যা দেশ জয়যুক্ত ওক । ৪ ॥