পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগে লগে তেওঁ মোৰ বাবে আনি দিলে। দ্বিতীয়তে, মোৰ জীৱনসংগী কীৰ্তিকমল গগৈ। তেঁও মোৰ সৈতে ছাঁৰ দৰে থাকি যথেষ্ট সহায় কৰি দিছে যাতে গ্ৰন্থখন ৰাইজলৈ সুন্দৰকৈ আগবঢ়াই দিব পাৰোঁ।

(২)

 “অৰ্দ্ধ আকাশ” ফেচবুক জগতৰ চিনাকি নাম এটি হৈ পৰাৰ আঁৰত হ’ল ইয়াৰ সদস্য সমূহৰ সক্ৰিয়তা আৰু সহযোগিতা।

 আজি এই সদস্যসকলৰ উৎসাহ, আগ্ৰহ আৰু সহযোগিতাত ফেচবুকৰ বাকৰিৰ পৰা “অৰ্দ্ধ আকাশ” গ্ৰন্থখন পঢ়ুৱৈৰ হাতত তুলিব দিবলৈ আগবাঢ়ি আহিছোঁ। সদস্য সকলৰ সহায় অবিহনে এয়া সম্ভৱ নহ’লহেতেন।

 ফেচবুক গ্ৰুপটিৰ জন্মদাত্ৰী জয়শ্ৰী মেচ গগৈৰ লগত ইয়াৰ মুখ্য প্ৰশাসকৰ ভাৰ লওঁতে ভবা নাছিলোঁ যে এটা সময়ত এক বিশাল গ্ৰুপ হৈ পৰিব যত সখীসকলে নিজৰ ব্যক্তিগত সমস্যাবোৰ, মনৰ কথাবোৰ ভগাই লোৱাৰ লগতে সৃজনশীল মনৰ পৰিচয়ও দিব। অৰ্দ্ধ আকাশ ৰ বুকুত আহি আমি আকৌ লিখিব আৰম্ভ কৰিছোঁ, হেৰাই যোৱা কলম আকৌ হাতত লৈছোঁ বুলি যেতিয়া কোনোবা সখীয়ে কয়, তেতিয়া কৰবাত গ্ৰুপতো কিঞ্চিত সফল হোৱা যেন মনে ধৰে৷

 এওঁলোকৰ আগ্ৰহতে ন-পুৰণি সদস্য লেখিকাৰ কিছু সৃষ্টিৰ সংকলন “অৰ্দ্ধ আকাশ’’ আজি আপোনালোকৰ হাতত। হয়তো সাহিত্য জগতত কেৱল নাৰী লেখিকাৰ লিখনিৰে সমৃদ্ধ এইখন অসমৰ প্ৰথম গ্ৰন্থ।

 এয়া আমাৰ প্ৰথম প্ৰচেষ্টা, ভুল ত্ৰুটি মাৰ্জনীয়। আশীৰ্বাদ কৰিব যাতে অচিৰেই দ্বিতীয় খণ্ডটি আপোনাসৱৰ হাতত এইদৰেই তুলি দিব পাৰোঁ।

স্নেহেৰে —
কৰবী চৌধুৰী প্ৰধান
মুখ্য প্ৰশাসক
অৰ্দ্ধ আকাশ
ৰায়পুৰ, ছত্তিশগড়

 কৃতজ্ঞতা :

 কাক দিওঁ? কেনেকৈ দিওঁ? ইমান স্নেহ, বিশ্বাস, আন্তৰিকতাৰে আমাক আৱৰি থকা সখীসকলৰ বাবে হয়তো এই দুশাৰী বাক্য পৰ্যাপ্ত নহয়। তথাপিও আমি জনাওঁ; জীৱনৰ বহু কেইটা অপ্ৰাপ্তি যেন নোহোৱা হৈ পৰিছে। আপোনালোকৰ ছাঁত। কাৰোবাৰ বাইদেউ হৈছোঁ, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সখী। অৰ্দ্ধৰ উদ্দেশ্য সফল কৰি তোলা আপোনালোক সকলো সখী, বাই-ভনীলৈ আমি কৃতজ্ঞতা জনালোঁ। লগতে অনুৰোধ জনালোঁ, গ্ৰন্থখনিৰ সম্পাদনাত আমাৰ ভুল ত্ৰুটি নিঃসন্দেহে ৰৈ গৈছে। সেয়া মাৰ্জনা কৰে যেন। গঠনমূলক আলোচনাই সংশোধনৰ বাট দেখুৱাব বুলি আমি আশাবাদী।

জয়শ্ৰী মেচ গগৈ
কৰবী চৌধুৰী প্ৰধান
ardhoakash2018.gmail.com

(স্মৰ্তব্য :

গ্ৰন্থখনিত প্ৰকাশিত লেখাৰ সকলো তথ্য, মত অথবা কাহিনীৰ প্ৰতি লেখক দায়বদ্ধ।

সম্পাদক দায়বদ্ধ নহয়।)

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড