সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। F1 F পদ। দূষণ পৰিল খৰবীৰ খঙ্গি গৈল। F মাৰ মাৰ কৰিয়া ৰামৰ ভিতি ভৈল॥ ত্ৰিশিৰা বোলয় খৰ ৰহ কোপ ছাড়ি। এতিক্ষণে দেখিবি ৰামক পঠাওঁ মাৰি ৰাম অগনিক আজি মই পানী কৰে॥ নুহি ৰণমাজে পৰি স্বৰ্গ পন্থ ধৰে৷ ত্ৰিশিৰাৰ বোলে খৰ হৰিষক পাইলা। ৰামক যুজিবে লাগি তাহাক পঠাইল!। ত্ৰিশিৰা সন্মুখ ভৈল৷ ৰামৰ সমৰে। হৃদয়ত প্ৰভুৰ ভেদিলা দশ শৰে॥ শৰৰ প্ৰহাৰ পাই দেব ৰঘু ৰাই। ক্ষুদ্ৰ হণিক যেন সিংহে গৈল ধাই॥ ৰথে ছড়ি যুজয় ত্ৰিশিৰা মহাবীৰ। দেখিয়া ৰামৰ কোপে নসহে শৰীৰ॥ বজ্ৰ যেন ছুটিল হানিল চৈধ্য শৰী ত্ৰিশিৰাৰ হিয়াত ফুটিলা নিৰন্তৰ॥ আৰো ষোল শৰ হানি চাৰি ঘোড়া মাৰি। এক শৰে ৰথক যে কাটিলা মুৰাৰি ele