সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
অসমীয়া ৰামায়ণ।

বাৰিষাৰ মেঘ যেন, বৰিষে মেৰুক ঢাকি,
 ৰাক্ষসৰ তেজে নদী ভৈল।
একেলাঞ্জে যাই বহি, যেন সমুদ্ৰক লাগি,
 দেখি দেৱগণ ভয় ভৈল।৷
তথাপি হাসন্ত ৰাম, পৰম পুৰুষ প্ৰভু,
 বেঢ়ি যুঁজে নিশাচৰ গণে।
আকাশত থাকি দেৱ, কাণা কাণি কথা কহে,
 যোনো ৰামে নিজিলন্ত ৰণে॥
মুখ্য মুখ্য জনে বোলে,  হেন কথা পতিয়াবা,
 পৰম ঈশ্বৰ দেব ৰাম।
ৰাক্ষসক সংহৰিব, দেব কুল উদ্ধাৰিব,
 ভকতৰো সাধিৱন্ত কাম।৷
দেবতা গণৰ ভয়, জানিৰাম কৃপাময়,
 ৰাক্ষসৰ দেখি উপদ্ৰব।
কালান্তক ৰুদ্ৰসম, ক্ৰোধে ধনু টঙ্কাৰিল,
 ৰাক্ষসৰ ভৈলা পৰাভৱ।৷
কৰ্ণত হানিলা তাল, কম্পিল ৰাক্ষসবল,
 ধনুৰ টঙ্কাৰ ঘোৰ শুনি।
জগতৰ নাথ ক্ৰোধে, কৌটী একশৰ জুড়ি,
 পঠাইলন্ত ৰাক্ষসক হানি॥