এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অসমীয়া নাৰয়ণ। দেখিয়ো লক্ষ্মণ হেৰা, শূৰ্পনথী চলাইলেক, খেদি আসে ৰাক্ষস সকল। শ্ৰাবণৰ মেঘে যেন, চালিলে গগণ গণ, সাজ ঝান্টে তেজ বন কল॥ ৰথৰ উপৰে দেখোঁ, খৰবীৰ ছড়ি আসে, আজি ঘোৰ মিলিব সমৰ। সৈন্যৰ উপৰে তাৰ, মহা উতপাত দেখো, বধিৰোঁ সবাকে একেশ্বৰ। মোৰ বোলে ধনুধৰি, লক্ষ্মণ সীতাক ৰাখি, থাক তই গহ্বৰে পশিয়া। মহা যুদ্ধ মিলিবেক, দেখি সীতা ডৰিবেক, মোকলাগি চিন্তা নকৰিয়া॥ ৰামৰ বচন শিৰে, ধৰিয়া লক্ষ্মণ বীৰে, সীতালৈয়া গহ্বৰে পশিলা। ৰামে মহা ৰঙ্গমনে, বাকলি গুচাই গাৰ, মাণিকৰ সন্নহা পিন্ধিলা। অন্ধকাৰ ফালি যেন, আদিত্য উদয় ভৈলা, ধনুশৰ ধৰি দিলা থিৰ। ৰামৰ মুৰুতি দেখি, খৰৰ সেনাৰ মানে, কাম্পে কায় উড়িগৈল৷ জীৱ।