সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড দুখ সাগৰৰ মোৰ নাহিকয় পাৰ। গলে হাণ্ডি বান্ধি মৰোঁ কিকাৰ্য্য জীবাৰ॥ ৰাৱণৰ ভাই হুই বসি আছা তই প্ৰতিকাৰ সধিবাক নোৱাৰিবি তই॥ ৰাৱণ দদাৰ আগে মুনিষ দেখাইলি। চৈধ্যৰ সহস্ৰ ৰাক্ষসৰ বৰা ভৈলি আপোনাৰ প্ৰাণ খানি ৰাখিতে চাহিলি। চৈধ্য গোট। বপুৰাক মিছাতে মৰাইলি॥ ৰাম লক্ষক্ষ্মণক তই বীৰ ভালে জান। প্ৰতিকাৰ নিসিজিল হেৰা তেজোঁ প্ৰাণ॥ ছেন শুনি খৰে বোলে ক্ৰোধে খৰ বাৰ। কিকাৰণে এতেক বোলস তই মাৰ। তোৰ দুখ দেখি মোৰ পোৰে সৰ্ব্ব কায়। মাৰিবে। লক্ষ্মণ ৰাম মানুষ দুই ভাই ইন্দ্ৰ আদি দেৱে যাক দেখি হোৱে ডৰ। কৌটীএক ৰামেকি মোহোৰ সমলৰ॥ গদাহানি মাৰোঁ ৰাম লক্ষ্মণৰ জীৱ। দুইহানে৷ শৰাৰ শূৰ্পনখী মুখে পিৱ। শুভ্ৰ বোলোঁ বহিনা মনত কৰা ৰঙ্গ। কৈত শুনি আছা মোৰ ভৈলা ৰণ ভঙ্গ॥