সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। এতেকে কাতৰ কৰোঁ ধৰা মোৰ বোল। মদনে দহয় দিয়া আলিঙ্গন কোল॥ দণ্ডকাৰ বন যে তিনি ভূবনত সাৰ। ইহাতে বসতি হৌক তোমাৰ আমাৰ॥ লক্ষ্মণে বোলন্ত হাসি শুনা শূৰ্পনখী। কোনে ভোল নুহিবেক তোৰ ৰূপ দেখি কিন্তু মই পৰাধীন ৰামৰ সেৱক। ৰাজাৰ ভগিনী মোক বৰস কিসক অধিন জনৰ সুখ নোহে স্বতন্তৰ। মোহোক ভজিলে দুখ পাইবি নিৰন্তৰ॥ তোৰ ৰূপ যৌবনৰ তেবেসে সাফল। মোত আশা এড়িয়া ৰামৰ পাশে চল। মোহোক বৰিলে হৈবি শীতাৰ কিঙ্কৰী। শুনিয়া তোহোক হাসিবেক নৰনাৰী॥ শূৰ্পনখী লক্ষ্মণৰ বাক্যমনে লৈলা। পৰিহাস নুবুজি ৰামৰ পাশে গৈলা। মদনে দগধ চিত্ত থিৰ নোহে গাৱ। লাজ এড়ি ৰামক বুলিলা মৃদু ভাৱ। তোমাৰ বচনে মোক নৰাখে লক্ষ্মণে। পূৰ্ব্বত আসিলো মই তোমাৰেসে মনে।