সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাংস ভুঞ্জাইবাক, অসমীয়া ৰামায়ণ। অগষ্টিকো চাৱে, সামান্য হেন মানিয়া। আতি বুদ্ধি যেন, কচ্ছপ মৰয়, তৰত যাই পৰিয়া॥ হাসিয়া ইল্লালে, অগষ্টিক বোলে, বোলয় আতি পেট ছোট। একেশ্বৰে আক, কিমতে ভুঞ্জিবা, বৰ মেষ পশু গোট। অগষ্টি বোলয়, হেন নুবুলি বা, লাগি আছে বৰভোক। আৰু কি আছয়, মেষ গোট সাত, তেবে পূৰে মোৰ কোষ॥ শুনা দান পতি, দিয়া যত আছে, শুনিয়া তুষ্ট অস্থৰ। মায়ামৃগ মাৰি, ৰান্ধিবাক দিলা, অযোগ্য মাংস প্ৰচুৰ। ৰান্ধিয়া অগষ্টি, সমস্ত ভুঞ্জিলা, মনেস্মৰি মহা হৰি। গঙ্গাক চিন্তিলা, কুমণ্ডলু মাজে, আসি ভৈলা শীঘ্ৰ কৰি॥ ৩৯