এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
অসমীয়া ৰামায়ণ।
কৃষ্ণে সে পৰম, সুহৃদ উত্তম,
দেবতাৰ আদি দেৱ।
জানি তান পাৱে, শৰণ পশিয়া,
সবকুটুম্বে কৰা সেৱ॥
ধনজন গৰ্ব্ব, সবে পৰিহৰা,
কিঞ্চিতেকো নুহি সাৰ।
ধনজন যত, যমৰ পুৰিত,
নপাইবাহা আন আৰ॥
কৃষ্ণ সে পৰম, দেবতা জানিবা,
দেব নাহি নাহি আৰ।
যাৱদেকে জীৱা, শুনা কৃষ্ণ কথা,
এহিসে পথ নিস্তাৰ॥
নমোঁ নমোঁ ৰাম, পৰম ঈশ্বৰ,
হুয়োক মোত সন্তোষ।
ৰচিলোঁ পয়াৰ, ক্ষমিয়ো আমাৰ,
বঢ়া টুটা যত দোষ॥
যত মহা পাপ, হৰে দুখ তাপ,
তোমাৰেসে গুণ নাম।
অনন্ত কন্দলি, কহে নিৰন্তৰে,,
ডাকি বোলা ৰাম ৰাম॥
⸺০⸺
সমাপ্ত।