সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
অসমীয়া ৰামায়ণ।

বৈষ্ণবৰ সঙ্গতেসে বহিবে৷ সৰ্ব্বথা।
মুখে তযু যশ গাইবো কৰ্ণে তবকথা।৷
শুনিয়োক প্ৰভু তুমি শ্ৰুতি নহৰাইবা।
চাহিলোঁ মঙ্গল তুমি জানকীক পাইবা॥
ৰাক্ষসক বধিবাহা দেবক পালিবা।
জগত তাৰিবা পুন্য যশ প্ৰকাশিব৷॥
পুছিলা ৰাৱণ যিটো পুলস্তিৰ নাতি।
বিশ্বস্ৰবাৰ বীৰ্ষেৰ্য্য নৈকেৰিত উত্তপত্তি॥
কুবেৰৰ ভাই সব ৰাক্ষসৰ পতি।
তেজবল বীৰ্ঘ্যে তাৰ বিপুল শকতি॥
সমুদ্ৰৰ মাজে পুৰি নাম তাৰ লঙ্কা।
তাতে থাকি ত্ৰিভুবনে নকৰন্ত শঙ্কা॥
সীতাৰেসে বৰে মই আছোঁ প্ৰাণ ৰাখি।
কান্দিয়া গোসানী বুলিলেক মোক দেখি॥
যাবত ৰামৰ বাৰ্ত্তা নজনোৱা তুমি।
দিলোঁ বৰ তাৱে জীয়া যেবে সতী আমি।৷
এহি কথা কহি চক্ষু মুদি সেই ঠাৱে।
ৰাম ৰাম শ্ৰীৰাম বোলন্ত আৰ্ত্তৰাৱে।৷
চক্ষু ঢেল কৰিয়া পিঠিত দিল ঠোট।
সৰ্ব্বাঙ্গ পৰিল স্থুল কলেবৰ গোট॥