সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ১৫ জনক নন্দিনী, সীতা সুবদনী, ভৈলা তান স্বয়ম্বৰি॥ সেহি স্থানে যাই, বামক বিবাহ, কৰাওঁ সবে যত্ন কৰি॥ সীতায়ে বোলন্ত, শুনা অনশুৱা, কি কৈবো সিটো আনন্দ। তাৰাৰ মাঝত, উদিত ভৈলন্ত, ৰামে যেন পূৰ্ণ চন্দ্ৰ। w দুৰ্ব্বাদল শ্যাম, তনু অনুপাম, শোভে মহা পীত বাস। প্ৰফুল্ল কমল, নয়ন যুগল, যুখে জ্বলে অল প হাস। বলিত বৰ্ত্তল, জ্বলেভুজ যুগ, হৃদয় মহা বিশাল । কীৰিতি কুণ্ডল, কুণ্ডল, ১ কৰে জ্বলমল, প্ৰসন্ন চাৰু কপাল। চৰণ যুগল, ৰঞ্জে মহীতল, যেন নবপদ্ম কোষ। কোটী কামদেৱে, ওচৰ নপাৱে, দেখিয়া ভৈলোঁ সন্তোষ॥