সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
অৰণ্য কাণ্ড।

দেখিলন্ত দেব যোগ্য দিব্য অলঙ্কাৰ।
ভৈলন্ত বিস্ময় চাহি আউৰে আউৰ॥
জটায়ুৰ কাষ এৰি ৰাৱণ চলিলা।
দক্ষিণ ছাড়িয়া পূৰ্ব্ব দিশে প্ৰবেশিলা॥
ঋষ্যমুখ গিৰি সম্পা সৰোবৰ তৰি।
সীতা লৈয়া চলয় লঙ্কাৰ দিশ ধৰি॥
মৃত্যু লৈয়া চলয় নকৰে কিছু শঙ্কা।
সমুদ্ৰ তৰিয়া পাছে প্ৰবেশিল লঙ্কা॥
অন্তেস পুৰত যাই ভৈলক প্ৰবেশ।
নিৰ্জ্জন থানত নিয়া সীতাক থৈলেক॥
অনেক ৰাক্ষস ৰক্ষা দিলেক সীতাৰ।
ৰাখিবাহা যত্নে জীৱ জনক ৰাজাৰ॥
যদি আন জনে দেখে জনকৰ জীৱ।
তোমৰা সবক ম‍ই মাৰিবোহোঁ জীৱ॥
সীতায় খোজন্ত দিব্য ৰত্ন বস্ত্ৰ যত।
শঙ্কা নকৰিয়া আনি দিবিহি সমস্ত॥
এহি বুলি লঙ্কা নাথ ওঁৱাৰি পশিল।
আঠ গোটা ৰাক্ষসক মাতিয়া আনিল॥
সম্বুদ্ধি বোলয় শুন আঠ গোটা বীৰ।
ধৰিতে নপাৰোঁ মন দহয় শৰীৰ।৷