পৃষ্ঠা:অসীমৰ বীণ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৮ ]

পোনা মোৰ!

কোন অমৰাৰ শাপভ্ৰষ্ট দেৱদূত
 আহিছিলি বাট হেৰুৱাই
সৰগৰ স্নিগ্ধকান্তি পাৰিজাত ৰেণু
 আহিছিল গাত আমোলাই।
ক’ৰনে৷ অশান্ত আহি লৰালৰিকৈ
 হলি মোৰ ঘৰত আলহী
অযাচিতে কিয় মোৰ শুকান হিয়াত
 স্নেহৰ অমিয়া সিঁচিলিহি।
থাকি থাকি সিপুৰীৰ শুনিছিলি নেকি
 মৰণৰ ক্ষীণ প্ৰতিধ্বনি?
উঠিছে গীতত ফুটি অসীম পাৰৰ
 বিয়াকুল কৰুণ বিননি।
ভাঙ্গিল সপোণ যেন তন্দ্ৰাৰ জিৰণি
 স্মৃতি ছবি পৰিল মনত
এৰি অহা প্ৰিয় পুৰী প্ৰাণৰ আপোন
 পৰিছিল নন্দন বনত।
নেভাৱিলি পিচলৈ উলটি নেচালি
 দলিয়াই চেনেহ বান্ধোন
( মোৰ ) নিজা ঘৰলৈ যাওঁ সমিধান থৈ
 গুচি গলি বিচাৰি আপোন।
য’ৰে কাম ত’তেৰল এধা কৰাকৈ
 পাৰি দিলি অজান পথত
জীৱন কলিটি ফুটি পাহি মেলোতেই
 সৰি গল ধৰাৰ বুকত।