[ ৫ ]
বুকুত আশ্ৰয় ললাহি। ময়ো মাতৃ প্ৰাণৰ আকুল ক্ষুধাৰে সাৱটি ললো তোমাক বুকৰ মাজত। ই সহজ সম্বন্ধ নহয় মাতা পুত্ৰ। মোৰ হৃদয়ৰ প্ৰতিটুপি তেজেৰে, মোৰ প্ৰাণৰ আকুল আকাঙ্ক্ষাৰ প্ৰতিটি অনুৰে, মোৰ মন বুদ্ধিৰ প্ৰত্যেক তৰঙ্গৰ স্পন্দনেৰে গঢ়িতোলা তোমাৰ কমনীয় তনু। এইয়েই মোৰ এই জনমৰ তোমাৰ ওপৰত অধিকাৰ আছিল, প্ৰাণৰ আকুল প্ৰেমৰ অধিকাৰ। কিন্তু হে পুত্ৰৰূপী মুক্ত আত্মা! তুমি আজি সেই দেহৰ মৰম হেলাৰঙ্গে এৰি থৈ গুচি গলা। প্ৰকৃতিৰ দান প্ৰকৃতিক ওলোটাই দি, ধৰণীৰ ধাৰ সুজি তুমি বিদেহী আত্মা সুখৰ জগতত বাহা কৰিছাগৈ। কিন্তু বাছা এই অভাগীয়েতো দেহৰ বান্ধোনৰ হাত সৰা নাই। এতিয়াও ৰক্তমাংসৰ বোজা বৈ, হৃদপিণ্ড আজুৰিচিঙ্গা যন্ত্ৰনাত ৰাঙ্গলি হিয়াৰে, তোমাৰ অসহনি বিচ্ছেদৰ নিদাৰুণ সন্তাপেৰে সন্তাপিত জীৱনৰ ভাৰ বব লাগিছো। প্ৰতি নিমিষে প্ৰতি পলে দিন গণি গণি তৃষিত চকুৰে চাই আছোঁ সেই শেষ পথলৈ। ৺ পুতলী গৈছে আজি বহুত দিন আগতে তাৰ কৰ্ম্মৰ আহ্বানত, তাতে তুমিও মিলিলাগৈ। নজনা দেশত দুয়ো ভায়েৰে লগেৰে থাকিবা।
আজি তোমাৰ, মোৰ জীৱনৰ লগত চিনাকীৰ যি যিনি স্মৃতিৰ সম্বল থৈ গলা তাকে আজি তোমাৰ পঢ়া কিতাপৰ লিখাবহীৰ পৰা বুটলি বুটলি গোটকৰা এই কবিতা কেইটি সৰাফুলৰ মালাৰ দৰে গাঁঠি তোমাৰ অনুগত বন্ধু সকলৰ হাতত দিওঁ বুলি আগ বাঢ়িলোঁ। কৈশোৰৰ জীৱন পাৰ হৈ যৌবনৰ দুৱাৰ দলিত ভৰি দিছিলা মাথোন, কিন্তু তোমাৰ পৰম পবিত্ৰ যৌবন কলুষিতাই স্পৰ্শ কৰা নাছিল। মুখত জিলিকি আছিল নিস্পাপ শিশুৰ নিৰ্ম্মল ভাৱ, স্বৰ্গৰ পাৰিজাত ফুলৰ দৰে (তোমাৰ প্ৰকৃতি) সুন্দৰ মুখত নিৰ্ম্মল হাঁহি। শিশুৰ দৰে তোমাৰ প্ৰকৃতি শিশুৰ দৰে তোমাৰ আচৰণে ঘৰখনত এটী সদায় আনন্দৰ প্ৰৱাহ খেলি আছিল। কিন্তু লুকাই থকা অন্তৰৰ গভীৰতা তাক কোনেও