পৃষ্ঠা:অসীমৰ বীণ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩ ]

আছিল। খেল ধেমালিতো তেওঁৰ পাৰদৰ্শিতা কম নাছিল। পাঠ্য পুথিৰ উপৰিও নানা সদগ্ৰন্থ পাঠ কৰি প্ৰকৃত শিক্ষা লাভ কৰা; আৰু জ্ঞান আহৰণ কৰাৰো বৰ হেপাহ আছিল। এনে এজন ডেকাক হেৰুৱাই তেওঁৰ আত্মীয় স্বজনেই নহয় গোটেই অসমীয়া জাতিয়েই ক্ষতিগ্ৰস্ত হৈছে। বৰ্ত্তমান অসমৰ ছাত্ৰ সমাজত এনে আদৰ্শ লোৱা ডেকাৰ সাখ্যা অতি কম। এনে এটি জীৱনৰ ছাত্ৰৱস্থাতে সামৰনি পৰাত সকলোৱে শোক পাব লগা কথা। তেওঁৰ সোঁৱৰণী স্বৰূপে কেইটিমান সুকুমাৰ ফুলকলি এৰি থৈ গৈছে। শোকসন্তাপ্তা মাতৃয়ে পবিত্ৰ চকুলোৰে তাকে আজি আগ বঢ়াইছে। ভগৱন্তই তেখেতক শান্তি দিয়ক।

শ্ৰীযজ্ঞেশ্বৰ শৰ্ম্মা এম্, এ
অধ্যাপক, যোৰহাট কলেজ ২৭/১১/৩৮